গঁড়ৰ খড়্গৰে ক’ৰ’না প্ৰতিষেধক। টোপনি নাই কাজিৰঙা বন বিভাগৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ এপ্ৰিল: সমগ্ৰ বিশ্বতে আতংকৰ কাৰণ হৈ পৰা ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন কাজিৰঙাবাসীৰ ৷ যাৰ বাবে সদা ব্যস্ত কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কহঁৰাত এতিয়া কেৱল শূণ্যতা ৷ এনে সময়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত কিছু তথ্যৰ বাবে অধিক সতৰ্ক হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ তথ্য ম’তে, সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ নিবাৰণৰ বাবে উৎপাদিত চীনা ঔষধে ভাবুকি নমাইছে এইবাৰ অসমৰ বন্যপ্ৰাণীলৈ ৷ চীনত এই ক’ৰ’ণাৰ প্ৰতিষেধক ‘এংগং নিউ হুৱাং’ নামৰ বেজীত গঁড়ৰ খৰ্গ আৰু ‘টান ৰে কুইং’ নামৰ বেজীত ভালুকৰ পিত্ত ব্যৱহাৰ হোৱাৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ হোৱাৰ পাছত অধিক তৎপৰ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ আনহাতে লকডাউনৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত বিৰাজ কৰা নিৰ্জনতা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত যান-বাহনৰ চলাচল কমি যোৱাৰ সুবিধা যাতে চোৰাং চিকাৰীয়ে ল’ব নোৱাৰে তাৰবাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে সতৰ্ক দৃষ্টি ৰাখি আহিছে ৷ কিন্তু লকডাউনৰ বাবে স্থানীয় বাসিন্দা সকল ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱাত চৌদিশে সৃষ্টি হৈছে নিজান পৰিৱেশৰ ৷ আনহাতে সদা ব্যস্ত কাজিৰঙাৰ ৰাজপথত যান-বাহনৰ চলাচল অতি সীমিত হৈ পৰিছে ৷ এনে পৰিস্থিতিৰ সুযোগ চোৰাং চিকাৰীয়ে গ্ৰহণ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত দুষ্কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ গতিকে ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ বাবে ৰাজপথত পেট্ৰলিঙৰ বাবে অধিক বন নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ৷ একেদৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো নিয়মীয়া তহলৰ লগতে ২৪ ঘন্টাই অতিৰিক্ত ভাৱে নিৰাপত্তা বাহিনীৰ জোৱানৰ তহলৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *