চৰকাৰে যোগান ধৰা ৮ শ কুইন্টল চাউল  কাজিৰঙা সমবায় সমিতিৰ আত্মসাৎ :

সম্পাদক, গোদাম ৰক্ষকৰ বিৰুদ্ধে গোচৰ  

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ এপ্ৰিলঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনত মাৰাত্মক কৰ’নাৰ আতংক অব্যাহত থকাৰ সময়ত ৰাজ্য চৰকাৰে ৰাইজৰ নিৰাপত্তা , চিকিৎসাকে ধৰি সকলো ব্যৱস্থা কৰাত দিনে নিশাই চেষ্টা চলাই থকা অৱস্থাত চৰকাৰে ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰিব দিয়া ৮ শ  কুইন্টলতকৈও অধিক  চাউল কাজিৰঙা সমবায় সমিতিৰ বিষয়-ববীয়াই আত্মসাত কৰাৰ অভিযোগ উঠিছে । সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত তলা বন্ধ চলি থকাৰ বাবে বিশেষকৈ দুখীযা ৰাইজে ঘৰৰ বাহিৰলৈ গৈ কাম কৰি অৰ্থাৎ দৈনিক মজুৰি কৰি উপাৰ্জন কৰাত অপাৰগ হৈছে । ধনৰ অভাবত কিছু দৰিদ্ৰ লোকে এসাজ খাই এসাজ লঘোনে থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে সময়ত চৰকাৰে সমবায় সমিতিৰ যোগেদি দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ চাউল বিতৰণ কৰাৰ ব্যৱস্থা কৰি  ৰাজ্যখনৰ আন  সমবায় সমিতিৰ নিচিনা কাজিৰঙা সমবায় সমিতিলৈ চৰকাৰে বিনামূলীয়াকৈ চাউল যোগান ধৰিছিল । কিন্তু অতি পৰিতাপৰ কথা কাজিৰঙা সমবায় সমিতিৰ সভাপতি, উপ-সভাপতি, সম্পাদক, গুদাম ৰখীয়াকে আদি কৰি সমিতিখনৰ সকলো কৰ্মকৰ্তাই কাজিৰঙা সমবায় সমিতিলৈ আগবঢ়োৱা মুঠ ৮৬৩,৬৯  কুইন্টল চাউল বিলোৱাৰ সময়তে প্ৰতি গৰাকী দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালৰ বিপৰীতে ৩/৫ কিলো চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰে বাৰম্বাৰ দুখীয়া ৰাইজক এনে এক সংকটজনক অৱস্থাত সকলোকে সহযোগ আগবঢ়াবলৈ আহ্বান জনাই থকাৰ সময়ত কাজিৰঙা সমবায় সমিতিৰ কৰ্মকৰ্তাই দুখীয়া মানুহৰ বাবে যোগান ধৰা বিনামূলীয়া চাউল আত্মসাত কৰাটো স্থানীয় ৰাইজ তথা দল সংগঠনে এয়া ক্ষমাৰ যোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে । ইফালে খোদ বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত চৰকাৰে ৰাইজৰ বাবে যোগান ধৰা চাউল আত্মসাত কৰা এই বৃহৎ কেলেংকাৰীৰ ঘটনাটো পোহৰলৈ অহাত মন্ত্ৰী অতুল বৰাই তৎক্ষণাত ব্যৱস্থা লবলৈ বোকাখাত মহকুমা প্ৰশাসনক নিৰ্দেশ দিয়াৰ পিছত তদন্ত আৰম্ভ কৰি বিহিত ব্যৱস্থা লৈছে বুলি বোকাখতৰ মহকুমাধিপতি বিবেক শ্যামে জানিব দিছে । মহকুমাধিপতি বিবেক শ্যামে জানিব দিয়া মতে কাজিৰঙা সমবায় সমিতিৰ অধীনত এজেন্ট যোগে ৰাইজক বিতৰণ কৰিবলৈ মুঠ ১২ শ কুন্টইল চাউলৰ প্ৰয়োজন যদিও সমবায় সমিতিৰ গুদামত বৰ্তমান মাত্ৰ তিনিশ কুইন্টল চাউল আছে । ইতিমধ্যে দণ্ডাধীশৰ দ্বাৰা কাজিৰঙা সমবায় সমিতিত চাউল হৰলুকি হোৱা ঘটনাটো তদন্ত কৰি কাজিৰঙা সমবায় সমিতিৰ সম্পাদক আৰু গুদাম ৰক্ষকৰ বিৰুদ্ধে কহঁৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে বুলি মহকুমাধিপতি বিবেক শ্যামে জানিব দিছে । উল্লেখ্য কেৱল  সম্পাদক আৰু গোদাম ৰক্ষকৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে কহঁৰা আৰক্ষীৰ যোগেদি ব্যৱস্থা লৈ ক্ষান্ত থাকিলেই নহব  এই বৃহৎ চাউল হৰলুকি ঘটনাৰ সৈতে জড়িত থকা কাজিৰঙা সমবায় সমিতিৰ আন বিষয় – ববীয়াৰ বিৰুদ্ধেও তদন্ত কৰি উচিত ব্যৱস্থা লবলৈ সচেতন মহলে আহ্বান জনাইছে । আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ ২০১০-১১ চনৰ পৰাই কাজিৰঙা সমবায় সমিতিত এই দুৰ্নীতি চলি আহিছে। ২০১০-১১ ৰ পৰাই এই দুৰ্নীতিৰ তদন্ত কৰাৰ প্ৰয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *