প্ৰসংগঃ কাজিৰঙা সমবায় সমিতিৰ চাউল হৰলুকি: ২০১০-১১ বৰ্ষৰ পৰা দায়িত্বত থকা সকলো বিষয়াক তদন্তৰ আওতালৈ অনাৰ দাবী।

নিউজ ডেক্স, কাজিৰঙা লাইভ, ৭ এপ্ৰিলঃ কাজিৰঙা সমবায় সমিতিৰ কাৰ্যালয়ত সোমবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ কাৰণ কাৰ্যালয়ত উপস্থিত নাই সমবায়ৰ সম্পাদক আৰু গুদাম ৰক্ষক ৷ জানিব পৰা ম’তে, সম্পাদক আৰু গুদাম ৰক্ষক পলাতক ৷ চৰকাৰে কৰ’নাৰ মহামাৰীৰ বাবে ল’ক ডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণৰ বাবে প্ৰদান কৰাৰ পাছতে বৃহৎ পৰিমাণৰ চাউলৰ হৰলুকিৰ কথা শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছতে আত্মগোপন কৰিছে সমবায়ৰ সম্পাদক বুবুল দলৈ আৰু গুদামৰ দায়িত্বত থকা পলাশ গগৈয়ে ৷ ৰাইজৰ অভিযোগ মতে, সমবায় সমিতি খনে বিতৰণৰ বাবে অহা ৮০০ কুইণ্টল চাউলৰ ৬০ শতাংশতকৈও অধিক চাউল হৰলুকি কৰিছে ৷ ২০১০ চনৰ পৰা দুৰ্নীতি বেহা মেলি সমবায় সমিতিখনৰ একাংশ বিষয়-ববীয়াই হিতাধিকাৰীক নিয়মিত ভাৱে ঠগ-প্ৰৱঞ্চনা কৰি হিতাধিকাৰীয়ে পাব লগা চাউলৰ প্ৰতিজনৰ পৰা প্ৰতিবাৰতে দুই তিনি কেজি চাউল কমকৈ বিতৰণ কৰি আহিছে ৷ শেহতীয়াকৈ চৰকাৰে যোগান ধৰা ৮০০ কুইন্টল বিনামূলীয়া চাউল আত্মসাৎ কৰি পূৰ্বে আত্মসাৎ কৰা চাউলৰ জোৰা সমবায় সমিতি খনৰ কৰ্তৃপক্ষই মাৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে ৷ পূৰ্বৰে পৰা এনেদৰে চলি থকা হিতাধিকাৰীৰ চাউল হৰলুকিৰ ঘটনা লকডাউনৰ সময়তো অব্যাহত থকা বিষয়টো ৰাইজৰ অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে তদন্তৰ ব্যৱস্থা কৰে বোকাখাত মহকুমা প্ৰশাসনে ৷ ইয়াৰ পাছতে আত্ম গোপন কৰে সম্পাদক আৰু গুদামৰ তত্বাৱধায়কে ৷ আনহাতে সমগ্ৰ বিষয়টোৰ এক উচিৎ তদন্তৰ দাবী কৰিছে সমবায় সমিতি খনৰ হিতাধিকাৰীৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমা সমিতিয়ে ৷ পৰিষদৰ বিষয়-ববীয়াই নিম্নতম বিগত ২০১০-১১ বৰ্ষৰ পৰা চাউল হৰলুকিৰ বিষয়টো তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *