বহু আশাৰে কাজিৰঙা ফুৰিবলৈ আহি নিৰাশ হল পৰ্যটক।

নিউজ ডেস্ক কাজিৰঙা লাইভ, ৩ অক্টোবৰ: কাজিৰঙালৈ আহি নিৰাশ হ’ল বহিৰাজ্যৰ পৰ্যটক ৷ বহু আশাৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ লগতে মনোমোহা দৃশ্য স্বচক্ষে উপভোগ কৰাৰ মানসেৰে কাজিৰঙাত উপস্থিত হৈ নিৰাশ হ’ব লগিয়া হ’ল চেন্নাই,পশ্চিমবঙ্গৰ লগতে আনৰাজ্যৰ একাংশ পৰ্যটক ৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যান খন বৰ্তমান পৰ্যটকৰ বাবে মুকলি হোৱা নাই ৷ দুটাকৈ বানে থানবান কৰি যোৱা কাজিৰঙাৰ পৰ্যটক পথ বিলাক মেৰামতি কৰাৰ বাবে বন বিভাগৰ তৎপৰতাৰ বিপৰীতে নেৰানেপেৰা বৰষুণে পুনৰ বাধাৰ সৃষ্টি কৰিছে ৷ চৰকাৰী তথ্য অনুসৰি এক অক্টোবৰত কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷সেই মতে পৰ্যটক সকলে পূজাৰ বতৰত কাজিৰঙা ফুৰাৰ উদ্দেশ্যেৰে উপস্থিত হ’ল কাজিৰঙা ৷ কিন্তু কাজিৰঙাত উপস্থিত হৈহে জানিব পাৰিলে যে পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি হোৱা নাই ৷ স্বভাবিকতে বিফল মনোৰথ হৈ উভতি যাব লগিয়া হল পৰ্যটক সকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *