পুনৰ ক’ৰণা আতংক, কি হব কাজিৰঙাৰ পৰ্যটন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ এপ্ৰিল: পুনৰ আতংকৰ সৃষ্টি কৰিছে ক’ৰণা ভাইৰাছে ৷ ক’ৰণা সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতে পৰ্য্যটন ক্ষেত্ৰ কাজিৰঙাত বিগত বৰ্ষৰ দৰে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱাৰ আশংকাত দিন কটাইছে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীৰ লগতে পৰ্যটনৰ লগত জড়িত ব্যক্তিগত প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰী সকলে। বিগত বৰ্ষত ক’ৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত পৰ্যটকৰ বাবে আধাতে বন্ধ কৰি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী, হাতী চাফাৰী আৰু ব্যক্তিগত হোটেল ব্যৱসায়ী সকল তীব্ৰ সংকটৰ সন্মুখীন হ’ব লগা হৈছিল। আনকি একাংশ ব্যক্তিগত অতিথিশালাত কৰ্মৰত যুৱক- যুৱতীক পাৰিতোষিক দিব নোৱাৰি কামৰ পৰা চাটাই কৰিছিল কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত ক্ৰমাৎ ক’ৰণাৰ ভয়াৱহতা কমি যোৱাত পুনৰ জীৱিকাৰ পথ সুচল হৈছিল বহু নিবনুৱা যুৱক- যুৱতীৰ। কিন্তু আকৌ কৰণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশত আতংকৰ সৃষ্টি কৰাত চিন্তাত পৰিছে কাজিৰঙাৰ পৰ্যটনৰ লগত জড়িত লোক সকল। কাজিৰঙাত জীপ চাফাৰীৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে প্ৰায় পাঁচ শতাধিক নিবনুৱা যুৱকে। লগতে, কাজিৰঙাৰ অঞ্চলত থকা প্ৰায় ৯০ খনতকৈ অধিক ব্যক্তিগত হোটেলত কৰ্মৰত আছে কাজিৰঙাৰ সহস্ৰাধিক যুৱক-যুৱতী। কাজিৰঙাৰ দাঁতি-কাষৰীয়া অধিকাংশ লোকেই কাজিৰঙাৰ পৰ্যটনৰ লগত জড়িত। ইতিমধ্যে ক’ৰণা মহামাৰীৰ ফলত বহু অতিথিশালাত বুকিং কেঞ্চেল কৰিছে পৰ্যটক সকলে। এপ্ৰিল, মে মাহত সততে কাজিৰঙালৈ আগমন ঘটে বহিঃৰাজ্যৰ পৰ্যটকৰ। বিশেষকৈ বহি: ৰাজ্যৰ পৰ্যটকে বহু হোটেল বুকিং কেঞ্চেল কৰিছে বুলি জানিব পৰা গৈছে। যিহেতু কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ী সকলে বছৰটোত আঠ মাহ ব্যৱসায় কৰি বাকী চাৰি মাহ বিনা উপাৰ্জনৰে চলিব লগা হয়। সেয়েহে এতিয়া সকলোৰে চিন্তা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে বন্ধ হবলৈ প্ৰায় দেৰমাহ সময় থকা অৱস্থাত ক’ৰণাৰ ফলত স্তব্ধ হৈ পৰিব নেকি পৰ্যটন ব্যৱসায়। চৰকাৰক এতিয়া পৰ্যটন ব্যৱসায়ীৰ আহ্বান সময় উপযোগী ব্যৱস্থালৈ পৰ্যটক অহাৰ ব্যৱস্থা কৰি কাজিৰঙাৰ পৰ্য্যটন ব্যৱসায়ী সকলক উপকৃত কৰক। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষইও বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ কাজিৰঙাত বিদেশী পৰ্যটক নাই। চলিত পৰ্যটন বৰ্ষত দেশীয় পৰ্যটকৰ সংখ্যা পূৰ্বৰ তুলনাত বেছি যদিও বিদেশী পৰ্যটক কাজিৰঙালৈ নহাৰ বাবে সংগ্ৰহীত ৰাজহৰ পৰিমাণ কম। সেয়েহে আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হলে লোকচানৰ সন্মুখীন হব পাৰে বুলি জানিবলৈ উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *