ৰজক জাতি সংস্কাৰ সমিতিৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন 

নিউজ ডেস্ক, কাজিৰঙা লাইভ ,১১ এপ্ৰিল  : সদৌ অসম ৰজক জাতি সংস্কাৰ সমিতিৰ ১৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় । এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ৰজক জাতি সংস্কাৰ সমিতিৰ কেন্দ্ৰীয় সভাপতি তুলেশ্বৰ ৰজকৰ সঞ্চালনাত অসম ৰজক জাতি সংস্কাৰ সমিতিৰ অন্তৰ্গত গাঁও সভাৰ মন্থৰ গতিক গতিশীল কৰি তুলিবৰ বাবে লোৱা পদক্ষেপ আৰু পৰ্যালোচনা কৰাৰ বাবে এক মুকলি সভা অনুষ্ঠিত  হয় । আজিৰ মুকলি সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ৰজক জাতিৰ লোক যুগ যুগ ধৰি ৰাজ্যখনত বসবাস কৰাৰ লগতে অসমৰ সমাজ ব্যৱস্থাৰ সৈতে এক প্ৰকাৰ বিলীন হৈ যোৱা ৰজক জাতিক চৰকাৰে এতিয়ালৈকে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি থকাৰ কথা বিস্তাৰিত ভাৱে আলোচনা কৰা হয় । বৰ্তমান ৰাজ্যখনত দুই লক্ষাধিকতকৈও অধিক সংখ্যক ৰজক জাতিৰ লোক আছে । তেনে অৱস্থাত এতিয়ালৈকে বহু লোকক অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে । চৰকাৰে সোনকালে বৰ্তমান বঞ্চিত হৈ থকা ৰজক জাতিৰ লোকক অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ লগতে চৰকাৰী চাকৰিত বিভিন্ন পদত নিযুক্তি দিবলৈ আজিৰ সভাই চৰকাৰক আহ্বান জনাইছে । অন্যহাতে আজিৰ সভাতেই পৰৱৰ্তী প্ৰতিষ্ঠা দিৱস অৰ্থাৎ আগন্তুক বৰ্ষৰ ৭ এপ্ৰিলত যোৰহাট গটঙাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি সম্পাদকে জানিব দিয়ে । সদৌ অসম ৰজক জাতি সংস্কাৰ সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিচম্বৰ ৰজকে জানিব দিয়া মতে আজিৰ অধিবেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মতে পুৱা সামূহিক চাফাই কৰাৰ পিছত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক তথা সমাজকৰ্মী ৰঞ্জিত ৰজকে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন  কৰি আনুষ্ঠানিক ভাৱে ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে । ইফালে কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিচম্বৰ ৰজকে বৃক্ষ ৰোপণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *