বোকাখাতত এম এ চিৰ উদ্যোগত শিপিনীৰ দক্ষতা – বিকাশৰ কৰ্মশালা

পৱন কামান, কাজিৰঙা লাইভ, মহুৰা, ১১ এপ্ৰিল : মিচিং স্বায়ত্ত শাসিত পৰিষদ চমুকৈ এম এ চিৰ উদ্যোগত ২৫ গৰাকী শিপিনীক ৬০ দিনীয়া এক দক্ষতা বিকাশৰ কৰ্মশালা দিয়াৰ ব্যৱস্থা কৰিছে। বোকাখাত মহকুমা অন্তৰ্গত ১ নং বালিজান আদৰ্শ মিচিং গাঁৱৰ মূৰং ঘৰত ৮ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্যা ইন্দ্ৰানী কুম্বাং। বক্তব্য প্ৰসংগত
কুম্বাঙে কয় যে মিচিং মহিলা সকলে নিজৰ হাতৰ চানেকিৰে তৈয়াৰ কৰা মিচিং জাতীয় বস্ত্ৰ লাহে লাহে বিশ্ব দৰবাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। হস্ততাঁত বস্ত্ৰ শিল্পক ব্যৱসায় ৰূপত জীৱন জীৱিকাৰ সম্বল হিচাপে লৈ দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰি। এনে বিপুল সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত এম এ চিৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে মিচিং জাতীয় বস্ত্ৰ তৈয়াৰ কৰি বিশ্ব বজাৰত মুকলি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সেই উদ্দেশ্যে এম এ চি এলেকাধীন অঞ্চলত বাস কৰা উদ্যোগী যুৱতী-মহিলাসকলক বস্ত্ৰ তৈয়াৰৰ দক্ষতা বিকাশৰ বাবে কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ দি থকা হৈছে বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যা ইন্দ্ৰানী কুম্বাঙে। এম এ চিৰ ২৮ নং ধনশ্ৰী দিচৈ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য সুধীৰ চন্দ্র মৰাঙৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সমন্বয়ক -চত্ৰচিং মেদক , সন্মিলিত গণশক্তি অসমৰ বোকাখাত ব্লক সমিতিৰ সভাপতি দিগন্ত কুটুম, উপ সভাপতি পলাশ পাঠৰী, গোলাঘাট জিলা এম এম কেৰ সভাপতি মনেশ্বৰ কুটুম, উপসভাপতি ড’ দুৰ্লভ বৰিকে ধৰি টি এম পি কে, এম এম কে, টি এম এম কে, গণ শক্তিৰ বিভিন্ন পৰ্যায়ৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে ৬০ দিনীয়া এই কৰ্মশালাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৮ নং ধনশ্ৰী দিচৈ আৰু ২৯ নং গেলাবিল পৰিষদিয় সমষ্টিৰ মুঠ ২৫ গৰাকীক শিপিনীক বিশেষ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা সকলক এম এ চিৰ তৰফৰ পৰা বস্ত্ৰ শিল্প উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *