বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ ‘সমাজৰত্ন’ উপাধি। মহকুমা সাংবাদিক সন্থাৰ অধিবেশন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ এপ্ৰিলঃ
‘সমাজৰত্ন’ উপাধি বিগত ৩৫টা বছৰে সংবাদ সেৱা আগবঢ়াই অহা বোকাখাতৰ সাংবাদিক, সমাজকৰ্মী জিতু শৰ্মা ৰাজখোৱালৈ৷ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বাবে মুচি সন্থা, নাপিত সন্থাৰ পৰা আৰম্ভ কৰি বোকাখাতৰ শতাধিক দল-সংগঠন-ব্যক্তিয়ে ৰাজখোৱালৈ এই সন্মান প্ৰদান কৰে। আজি বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়৷ উল্লেখ্য যে আজি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় বোকাখাত মহকুমা সাংবাদিক সন্থাৰ পৃষ্ঠপোষকতাত প্ৰকাশ পাই অহা ‘ৰাইজৰ খবৰ’ নামৰ সাপ্তাহিক কাকতখনৰ ১৫ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান তথা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ অধিবেশন৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশ পাই অহা কাকতখনে বোকাখাতৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ সমস্যাসমূহক সঠিক ৰূপত তুলি ধৰি সমাধানৰ চেষ্টা কৰি আহিছে৷ অনুষ্ঠান উপলক্ষে পুৱা পতাকা উত্তোলন কৰে ‘ৰাইজৰ খবৰ’ কাকতৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱাই৷ স্মৃতি তৰ্পণ কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, নুমলীগড় আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি জয়প্ৰকাশ সোণাৰী, কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি মহেন শইকীয়া, বাদুলিপাৰ আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি চন্দন গগৈয়ে। আয়োজিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন আৰু সভা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক ৰাতুল ৰাজখোৱাই। বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বুবুল দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত সভাতে ‘ৰাইজৰ খবৰ’ৰ বিশেষ সংখ্যাটিকে ধৰি মুঠ ৮ খন গ্ৰন্থৰ উন্মোচন কৰা হয়। অনুষ্ঠানত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ বোকাখাতৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক শতাধিক দল-সংগঠন-ব্যক্তিয়ে ৰাজহুৱাভাৱে সম্বদ্ধৰ্না জ্ঞাপন কৰাৰ লগতে ৰাজখোৱাৰ ‘অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক’ শীৰ্ষক অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়৷ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক, কবি ৰফিকুল হোছেইনে৷ অনুষ্ঠানত ‘ৰাইজৰ খবৰ’ কাকতৰ বিশেষ সংখ্যাটি উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি সুখময় পুৰকায়ষ্ঠই। অনুষ্ঠানত ‘ৰাইজৰ খবৰ’ কাকতত বিগত দীৰ্ঘ দিন ধৰি লিখি অহা সম্পাদকীয়ৰ সংকলনটি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই। আনহাতে ভৱেশ শইকীয়াই কাকতখনত লিখি অহা স্তম্ভ লেখাৰ সংকলনটিৰ উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক পৱিত্ৰ বৰবৰাই৷ জ্যেষ্ঠ সাংবাদিক বুবুল দত্তৰ ‘সুবাসিত সময়, মৰিয়াহোলা ইত্যাদি’ গ্ৰন্থৰ উন্মোচন কৰে বিশিষ্ট প্ৰবন্ধকাৰ, গল্পকাৰ তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰুবী বৰাই আৰু কবি সংগীতা গগৈৰ ‘এমুঠি কিৰণ’ কাব্য সংকলনৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী ৰাজুমনি হুছেইন৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ ‘ৰূপালী অপৰাজিতাৰ হাঁহি’ জীৱনী ভিত্তিক গ্ৰন্থৰ উন্মোচন কৰে বিশিষ্ট কবি লেখিকা নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া আৰু বিশিষ্ট কবি-সমাজকৰ্মী মিনতি দলেই, কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মাৰ কাব্য সংকলন ‘সোণাৰু দুপৰ’ৰ উন্মোচন কৰে ৰফিকুল হোছেইনে। নিৰ্দিষ্ট বক্তা হিচাপে ‘সাম্প্ৰতিক কালৰ সংবাদ মাধ্যমৰ গতিধাৰা আৰু ভৱিষ্যত দৃশ্যপট’ শীৰ্ষক বক্তব্য প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্তই। মহন্তই এখন গণতান্ত্ৰিক দেশৰ চাৰিওটা স্তম্ভতে বৰ্তমান ঘূণে ধৰাৰ আশংকা প্ৰকাশ কৰে নিজৰ ভাষণত। লগতে তেখেতে নিজৰ ভাষণত সামাজিক মাধ্যম ইলেক্ট্ৰনিক মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ বিশ্লেষণ কৰে। উল্লেখ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত কাজিৰঙাৰ প্ৰতিশ্ৰুতি সম্পন্ন কবি সংগীতা গগৈলৈ বোকাখাত মহকুমা সাংবাদিক সন্থাই ৫ হাজাৰ টকা আৰু সমাজকৰ্মী ৰাজুমনি হুছেইনে ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰাক্তন বিধায়কদ্বয় জিতেন গগৈ আৰু অৰুণ ফুকন, ৰাজুমনি হুছেইন, নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক ৰাতুল বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, যুৱনেতা আকাশ ফুকন, বিশিষ্ট লেখিকা অন্নদা শইকীয়া, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মাধৱ মহন্ত, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ ডেকা, নগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰা আদি। অনুষ্ঠানৰ আঁত ধৰে ক্ৰমে ইমজাৰ সম্পাদক, সাংবাদিক প্ৰদ্যুত মহন্ত আৰু ধাৰভাষ্যকাৰ বিশ্বজ্যোতি শৰ্মাই। ইপিনে, এই অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ এখন সভাত বুবুল দত্তক সভাপতি আৰু নীলু আচাৰ্যক সম্পাদক হিচাপে লৈ বোকাখাত মহকুমা সাংবাদিক সন্থাৰ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয়। সভাত তত্বাৱধায়ক হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *