বোকাখাত আৰু অগৰাতলিত ৬ হেজাৰো অধিক পশুধনক প্ৰতিষেধক প্ৰদান

কাজিৰঙা লাইভ, বোকাখাত : ১০ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ কুলক সংক্ৰমন ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে কাষৰীয় গাওঁবোৰৰ পশুধনৰ কল্যানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰেই কাষৰীয় জনপদ বোৰৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰি আহিছে ৷ বিগত বৰ্ষৰ দৰে এই বছৰো এই অভিযান আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসা বিভাগৰ সহযোগত উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ প্ৰতিটো বনাঞ্চলতে আৰম্ভ কৰিছে এই অভিযান ৷ এই অভিযানেৰে উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁ বোৰত পশুধনৰ প্ৰতিষেধক প্ৰদানৰ কাম সম্পুৰ্ণ কৰিছে ৷ বিভাগীয় সুত্ৰৰ তথ্য মতে কৰ্তৃপক্ষই পশু চিকিৎসকৰ সহযোগত বোকাখাত বনাঞ্চলৰ অধীনৰ ৭ টা চাপৰিৰ মুঠ ৩১৯ টা খুটিৰ মুঠ ৩৪৩৯ টা গৰু আৰু ৭০১ টা ম’হৰ সৈতে মুঠ ৪১৪০ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান কৰিছে ৷ একেদৰে অগৰাতলি বনাঞ্চলৰ মুঠ ১৩ খন গাওঁত এই অভিযান সম্পুৰ্ণ কৰিছে ৷ ১৩ খন গাওঁৰ মুঠ ৩৮১ টা হিতাধিকাৰী পৰিয়ালৰ মুঠ ২২৬০ টা গৰু আৰু ২৮ টা ম’হক প্ৰতিষেধক প্ৰদান কৰিছে ৷ দুয়োটা বনাঞ্চলত মুঠ ৬৪২৭ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান সম্পুৰ্ণ কৰা বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে ৷
এই অভিযানত কাজিৰঙাৰ কৰ্তৃপক্ষই ট্ৰায়’ ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰিছে ৷ এই ট্ৰায়’ ভেকে গৰু ম’হক গল ফুলা, জহৰ বাক আৰু চবকাৰ দৰে সংক্ৰমন ৰোগৰ প্ৰতিৰোধ কৰে বুলি জনাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভিযানত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাইণ্ডেচন ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই সহযোগিতা আগবঢ়াইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলৰ অভিযানৰ নেতৃত্ব দিয়ে জেষ্ঠ সাংবাদিক উত্তম শইকীয়াই ৷ ক্ষেত্ৰ সহায়কৰ এটা দল সৈতে সহযোগিতা আগবঢ়াই বোকাখাত পশুচিকিৎসা বিভাগৰ পশু চিকিৎসক ডা৹ চৈয়দ মেহতাজ, ডা৹ জানমনি শ্যাম, ডা৹ পৰিনীতা কোঁৱৰ, ডা৹ বিশ্বজিত বৰুৱা ডা৹ দেবব্ৰত ফুকন, ডা৹ পম্পী দেউৰী আৰু ডা৹ অৰিন্দ্ৰম পাচনিয়ে ৷ এই প্ৰতিষেক প্ৰদানৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানৰ চৌকাষে এক জৈৱিক সুৰক্ষাৰ মণ্ডল গঢ়ি তোলাত সফল হৈছে, যি আগত সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অমুল্য জীৱ কুলক ৰোগ সংক্ৰমনৰ পৰা ৰক্ষা কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *