পৰ্যটকক আদৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি তুংগত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ অক্টোবৰ: পূজাৰ পাছতহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা ৷ চৰকাৰী নিযম অনুসৰি চলিত বৰ্ষৰ পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰিব লাগিছিল ৷ কিন্তু দুটাকৈ বানে ৰাষ্ট্ৰীয় উদ্যান খন বিধ্বস্ত কৰি যোৱাৰ বাবে সেয়া সম্ভপৰ হৈ নুঠিল ৷ অৱশ্যে যিমান পাৰি সোনকালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ বাবে যুদ্ধকালীন প্ৰস্তোতি চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে বিগত বানে ৰাষ্ট্ৰীয় উদ্যান খনৰ বাট পথ , ৱাটছ টাৱাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি থৈ গ’ল ৷ গতিকে বানৰ পাছত নিৰ্দিষ্ট সময়তকৈ কিছুদিন পলমকৈ হ’লেও ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে তৎপৰ হৈ পৰিছে বনবিভাগ ৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে নতুনত্ব অনাৰ প্ৰয়াস চলাইছে বন বিভাগে ৷ ইয়াৰ মাজতে নেৰা-নেপেৰা বৰষুণে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা দিন ঘোষনা কৰাত সমস্যাৰ সৃষ্টি কৰিছে যদিও পূজাৰ পাছতহে ৰাষ্ট্ৰীয় উদ্যান খন পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *