বোকাখাতত গঁড় চিকাৰীৰ আক্ৰমণত আহত আৰক্ষী বিষয়া।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ অক্টোবৰ: বোকাখাতত গঁড় চিকাৰিৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষী বিষয়া আহত। আহত আৰক্ষী বিষয়া জন কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। বিষয়া জনৰ নাম ময়ূৰজিৎ গগৈ। আৰক্ষী সূত্ৰে জানিব পৰা মতে, বোকাখাতৰ লখৌজানত গঁড় চিকাৰিৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ কৰিবলৈ আহিছিল গোলাঘাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ সহ কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূূূূূৰজিৎ গগৈ আৰু আৰক্ষী দল। আৰক্ষীয়ে চোৰাং চিকাৰিৰ তিনিজনীয়া দলটোৰ পৰা এটা ৩০৩ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয় যদিও চিকাৰী দলটোৰ মূল অভিযুক্তই কমাৰগাওঁ থানাৰ আৰক্ষী বিষয়া ময়ূূূূূৰজিৎ গগৈক চোকা দাৰে ঘপিয়াই আহত কৰি পলায়ন কৰে। আহত আৰক্ষী বিষয়া জনক বোকাখাত চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাটলৈ প্ৰেৰন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *