গান্ধী জয়ন্তী উপলক্ষে কলিয়াবৰত চিত্ৰ কৰ্মশালা

কাজিৰঙা লাইভ, কলিয়াবৰ, ২ অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে কলিয়াবৰত “বাটৰ কেনভাচ অসমৰ” চিত্ৰশিল্পী সকলৰ ব্যক্তিক্ৰমী পদক্ষেপ । আজি মহা মানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মদিন । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো বিভিন্ন স্থানত অনুষ্ঠিত হৈছে মহামানৱ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মদিন । আজিৰ দিনটোৰ পৰাই দেশত প্লাষ্টিক বৰ্জন আৰু নিষিদ্ধকৰণৰ বাবে ভাৰত চৰকাৰে দেশৰ জনগণক আহ্বান জনাইছে । ভাৰত চৰকাৰৰ এই প্লাষ্টিক বৰ্জন আৰু নিষিদ্ধ কৰণৰ আহ্বানক সহাৰি জনাই কলিয়াবৰত বাটৰ কেনভাচ অসম নামৰ আজীৱন চিত্ৰ শিল্পী সকলে কলিয়াবৰ জিলাৰ উদ্যোগত সাংস্কৃতিক কৰ্মী প্ৰশান্ত প্ৰতীম হাজৰিকাৰ সহযোগত অনুষ্ঠিত কৰে চিত্ৰ কৰ্মশালাৰ । কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে কেনভাচত তুলিকাৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানটোত বাটৰ কেনভাচৰ অসমৰ চিত্ৰ শিল্পী সকলে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰাইজক সজাগ কৰিবৰ বাবে অংকন কৰিলে নৈসৰ্গ চিত্ৰ । চিত্ৰ শিল্পী সকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল এখন স্বচ্ছ ভাৰতৰ নিদৰ্শন । এই অনুষ্ঠানত বাটৰ কেনভাচ অসম নামৰ সন্থাটোৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি শিৱসাগৰ, যোৰহাট, লক্ষ্মিমপুৰ, তেজপুৰ, নগাঁও কে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পঞ্চাশ গৰাকী চিত্ৰশিল্পীয়ে এই নৈসৰ্গ চিত্ৰ কৰ্মশালাত অংশগ্ৰহণ কৰি একো একোখন সেউজ ছবি অংকন কৰি প্লাষ্টিক মুক্ত দেশ গঢ়াৰ বাবে আৰু ৰাইজক সজাগ কৰিবৰ বাবে লোৱা পদক্ষেপক সকলোৱে শলাগ লয় ।

ফটো: গোলাপ শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *