বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙাত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ অক্টোবৰ: ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নগাঁও,বিশ্বনাথ আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে যৌথ ভাৱে আয়োজন কৰিছে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ ৷ এই প্ৰতিযোগিতাত অংশ লয় নগাওঁ মহাবিদ্যালয়, জেডিএছজি মহাবিদ্যালয়, বোকাখাত, মহৰ্ষি বিদ্যামন্দিৰ গুৱাহাটী, ৰাইজিং চান ইংলিচ স্কুল কাজিৰঙা, শংকৰদেৱ শিশু নিকেতন কাজিৰঙা, দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট , নেচনিল ল’ ইউনিভাৰ্চিটি এণ্ড জোডিচিয়েল একাডমী আমিনগাও গুৱাহাটী, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় বোকাখাত, বেষ্ট একাডমী বোকাখাত,শংকৰদেৱ শিশু নিকেতন বোকাখাত,লক্ষিমপুৰ মহাবিদ্যালয় এণ্ড ভেটেনেৰী চাইঞ্চ উত্তৰ লক্ষিমপুৰ,তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ,চেন্ট্ৰেল ইনষ্টিউট অফ টেক্নলজি কোকৰাঝাৰ, দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয় দেৰাগাওঁৰ লগতে অসমৰ কেইবাখনো জিলাৰ প্ৰতিযোগিয়ে ৷ কাজিৰঙাৰ কহঁৰা স্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত আয়োজিত এই কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ পৰা নিম্ন স্নাতক পৰ্যায়ৰ ছাত্ৰছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷
প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ২০,০০০ টকা,দ্বিতীয় পুৰস্কাৰ ১৫,০০০ টকা,তৃতীয় পুৰস্কাৰ ১০,০০০ টকা আৰু চতুৰ্থ পুৰস্কাৰ ৫০০০ টকা ৷ প্ৰতিযোগিতাত নগদ ধনৰ উপৰিও চাৰিওটা দলকে মানপত্ৰ প্ৰদান কৰা হয় বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ প্ৰতিযোগিতাৰ অন্তত ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়, গুৱাহাটীৰ হিমাংশু সোনোৱাল আৰু সুদৰ্শন গোস্বামীয়ে প্ৰথম স্থান,তেজপুৰ মহাবিদ্যালয়ৰ ৰজিবুল আৱাল আৰু মৃদুল শৰ্মাই দ্বিতীয় স্থান,নগাওঁ মহাবিদ্যালয়ৰ অংগৰাগ চাণ্ডিল্য আৰু কুমাৰ পদ্মনাভে তৃতীয় স্থান, চেন্ট্ৰেল ইনষ্টিউট অফ টেক্নলজি কোকৰাঝাৰ ৰ অৰ্ণৱ বায়ন আৰু জ্যোতিস্মান গোস্বামীয়ে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *