বোকাখাতত আৰক্ষীক আক্ৰমণৰ লগত জড়িত দুজনক আটক।

কাজিৰঙা লাইভ, বোকাখাত, ৩ অক্টোবৰ: বোকাখাত আৰক্ষীৰ অভিযানত আটক আৰক্ষীক আক্ৰমণ কৰা চোৰাং চিকাৰীৰ দুই সহযোগী ৷ বোকাখাতৰ লখৌজানত মঙ্গলবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত কমাৰগাঁও থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈক দাৰে ঘপিয়াই আহত কৰি পলায়ণ কৰা চোৰাং চিকাৰীটোৰ লগত থকা দুজনক বুধবাৰে নিশা বোকাখাতৰ কমাৰগাঁও অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা দুজন ক্ৰমে শশীন কৰ্মকাৰ আৰু শিৱা কৰ্মকাৰ ৷ শশীন কৰ্মকাৰৰ ঘৰ বোকাখাতৰ গেলেকা বালিজান লক্ষীজুৰিত আৰু শিৱা কৰ্মকাৰৰ ঘৰ বোকাখাত গড়মূৰ বৰটিকাত ৷ মঙ্গলবাৰে নিশা ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা দুয়ো পলাতক অৱস্থাত আছিল ৷ বোকাখাত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে দুয়োকে কমাৰগাঁও অঞ্চলৰ পৰা পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈক আক্ৰমণ কৰা সময়ত দুয়োজন সেই স্থানত আক্ৰমণকাৰীৰ লগত উপস্থিত আছিল ৷ বৰ্তমান গ্ৰেপ্তাৰ কৰা দুয়োকে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷ আনহাতে মূল অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে বোকাখাত আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে ৷
