কাজিৰঙাত উদযাপন হস্তী দিৱস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ অক্টোবৰ: আজি হস্তী দিৱস ৷ দুই অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনটোত কাজিৰঙাত উদযাপন কৰা হয় হস্তী দিৱসৰ ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল কহঁৰা বনাঞ্চলৰ মিহিমুখত “হাতীৰ সৈতে বাৰ্তালাপ” শীৰ্ষক এক অনুুষ্ঠানৰ আয়োজন কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু স্বেচ্ছাসেৱী প্ৰকৃতিপ্ৰেমী সংস্থা ড্য কৰ্বেট ফাউণ্ডেচনৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয়া বিদ্যালয়সমুহৰ শতাধিক ছাত্ৰ-ছাত্ৰীক হাতীৰ বিষয়ে আভাষ দিয়াৰ লগতে হাতী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ আহ্বান জনোৱা হয় ৷ ইফালে উক্ত অনুষ্ঠানত হস্তী মানুহৰ সংঘাট উপসমৰ বাবে কৰণীয়ৰ বিষয়ে অৱগত কৰা হয় ৷ কাজিৰঙাৰ স্বেচ্ছাসেৱী সংগঠন ডি কৰবেট ফাউণ্ডেচনৰ দিব্যজ্যোতি শইকীয়াই আত ধৰা অনুষ্ঠানত হস্তীৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰৱীণ শৰ্মাই ৷ আনহাতে বুধবাৰে বন্যপ্ৰাণী দিৱসৰ প্ৰথম দিনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠানত উপস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে অহা ১০ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ দিন ধাৰ্য কৰা হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *