কাজিৰঙাৰ বাগৰিত পহু মাংস আৰু শিং সহ আটক এজন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ অক্টোবৰ: কাজিৰঙাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি গাঁৱত পহুৰ মাংস আৰু শিং সহ এজন লোক আটক ৷ আটক কৰা লোক জনৰ নাম অতুল ঘাটোৱাল ৷ এক গোপন খবৰৰ ভিত্তিত বাগৰি বনাঞ্চলৰ বিষয়া-বনকৰ্মীয়ে বাগৰি গাঁৱত চলোৱা অভিযানত দুই কেজি পহু মাংস আৰু শিং সহ নিজা ঘৰৰ পৰা আটক কৰে অতুল ঘাটোৱালক ৷ ধৃত ঘাটোৱালে স্বীকাৰ কৰা মতে আৰু পাঁচ জন লোক পহু নিধনত জড়িত আছে ৷ নিধন কৰা পহুটো বন্যপ্ৰাণীৰ ১ নং অনুসূচিত অন্তৰ্ভুক্ত ছাগলী পহু ৷ সেই মৰ্মে বনবিভাগে ধৃত ঘাটোৱালৰ বিৰোদ্ধে এক গোচৰ ৰুজ কৰি গ্ৰেপ্তাৰ কৰে ৷ আনহাতে আন পাঁচজন লোকৰ সন্ধান চলাই আছে বন বিভাগে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *