বিদ্যুৎ প্ৰৱাহিত হৈ বিদ্যুৎ কৰ্মী আহতঃ জে এম চি এইচলৈ প্ৰেৰণঃ

কাজিৰঙা লাইভ, বোকাখাত, ৩ অক্টোবৰঃ বোকাখাতত পুনৰ আজি এক অঘটন সংঘটিত হয় ৷ কিন্তু এইবাৰ বিদ্যুতৰ বিজুতিৰ বাবে নহয় ৷ বিদ্যুৎ নথকাৰ বাবে জেনেৰেটৰৰ পৰা উভতি অহা কাৰেন্টত লাগি বিদ্যুৎ কৰ্মী আহত হ’ব লগা হয় ৷ এই ঘটনা সংঘটিত হয় বোকাখাত নগৰৰ বালাজী হোটেলৰ সমীপত ৷ আজি পুৱাৰ পৰাই বোকাখাত নগৰত বিদ্যুৎ সংযোগ বিচিন্ন হৈ আছিল ৷ বিদ্যুৎ নথকাৰ বাবে বোকাখাত বিদ্যুৎ বিভাগে বালাজী হোটেলৰ সমীপত ৩৩ ভল্টৰ বিদ্যুৎ পৰিবাহী এটা খুটাত বিদ্যুৎ মেৰামতিৰ কাম আৰম্ভ কৰিলে ৷ বিদ্যুতৰ খুটাত উঠি মেৰামতিৰ কাম আৰম্ভ কৰি গোবিন শৰ্মা নামৰ কৰ্মচাৰীজনে ৷ তেনেকুৱাতেই ঘটিল সেই অঘটনটো ৷ বিদ্যুতৰ মূল সংযোগ কাটি মেৰামতি কৰি থাকোতেই কোনো ব্যক্তিগত লোকে চলোৱা জেনেৰেটৰৰ পৰা উভতি অহা কাৰেন্টৰ ফলত বিদ্যুৎ প্ৰৱাহ হয় মেৰামতি কৰি থকা বিদ্যুতৰ খুটাটোৰ তা‍ঁৰত ৷ ফলত বিদ্যুৎ মেৰামতি কৰি থকা গোবিন শৰ্মানামৰ কৰ্মচাৰীজন বিদ্যুতৰ তাঁৰত লাগি ধৰে ৷ লগে লগে লাগিল হুৱাদুৱা ৷ আৰক্ষী আহিল, স্থানীয় লোক সমবেত হ’ল ৷ খুটাটোৰ একেবাৰে ওপৰত উঠি কাম কৰি থকা কৰ্মচাৰীজনক কোনেও নমাব নোৱাৰাত খুটাৰ ওপৰতেই অচেতন হৈ পৰিল ৷ পাঁচ-ছয় মিনিট তেনেকৈ যোৱাৰ পাছত গোবিন শৰ্মাৰ লগত থকা সহযোগী বিদ্যুৎ কৰ্মী আৰু স্থানীয় ৰাইজৰ সহযোগত এখন মালবাহী ট্ৰাক ৰখাই বিদ্যু কৰ্মী গোবিন শৰ্মাক বিদ্যুতৰ তাৰত লাগি থকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগে লগে আহত বিদ্যুৎ কৰ্মীজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বিশেষ গুৰুতৰ আঘাট নাপালেও অচেতন হৈ পৰা গোবিন শৰ্মা নামৰ বিদ্যুৎ কৰ্মচাৰীজনত বোকাখাত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *