বিশ্বনাথ মহাবিদ্যালয়ত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ৩ অক্টোবৰ: বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ অংশ হিচাপে বন বিভাগৰ সহযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগ আৰু আন্তৰিক মানদণ্ড নিৰূপণ কোষৰ দ্বাৰা আজি বিশ্বনাথ কলেজত উভচৰ প্ৰাণীৰ বৈচিত্ৰতা সম্পৰ্কীয় এক মনোজ্ঞ বক্তৃতাৰ আয়োজন কৰা হয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাৰ পৌৰোহিত্যত সম্পন্ন এই অনুষ্ঠান বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ডে শুভউদ্বোধন কৰে। অধ্যাপক শৈবাল সেনগুপ্তই উত্তৰ পূৰ্বাঞ্চলৰ উভচৰ প্ৰাণীৰ বৈচিত্ৰতা সম্পৰ্কে অতি আকৰ্ষণীয় বক্তব্য আগবঢ়ায়। প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ডঃ জ্যোতিকনা তামূলীয়ে আঁত ধৰা অনুষ্ঠানত আদৰণি বক্তব্য আগবঢ়ায় অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই।শোণিতপূৰ পূব মণ্ডলৰ বন বিষয়া সুহাচ কদম আৰু কাজিৰঙা টাইগাৰ প্ৰজেক্টৰ বন বিষয়া মুকুট চন্দ্ৰ দাসৰ লগতে মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু তিনি শতাধিক ছাত্ৰ ছাত্ৰী অনুষ্ঠানত উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *