১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ অক্টোবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব ৷ হাতী ছাফাৰীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন উপযুক্ত হৈ নুঠাৰ বাবে ১২ অক্টোবৰত কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ মুকলি হ’ব ৷ তদুপৰি বনাঞ্চল দুখনৰ সিমিত অংশলৈকেহে যাব পাৰিব পৰ্যটক ৷ কঁহৰা বনাঞ্চলত পৰ্যটক সকলে জীপৰে ভৈছামাৰি আৰু বাগৰি বনাঞ্চলৰ বিমলী তিনিআলিলৈকে যোৱাৰ উপৰিও ডোঙা ৱাটচ টাৱাৰ লৈকে যাব পাৰিব। প্ৰতিকুল বতৰ আৰু ৰাষ্ট্ৰীয় উদ্যান খনৰ বাট পথৰ অৱস্থা উন্নত নোহোৱাৰ বাবে এই ব্যৱস্থা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷ উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Leave a Reply

Your email address will not be published. Required fields are marked *