বিক্ৰী হব নেকি নুমলীগড় তেল শোধনাগাৰ

কাজিৰঙা লাইভ, নুমলীগড়, ১০ অক্টোবৰ: বৰ্তমানৰ চৰকাৰখনৰ দিনত এটা এটাকৈ ক্ৰমাৎ বিক্ৰী হৈ যোৱা বৃহৎ বৃহৎ ৰাজহুৱা সম্পত্তিৰ আওঁতাত এইবাৰ সোমাব নেকি নুমলীগড় তেল শোধনাগাৰো ? বহিৰাগত কোম্পানীৰ কুটিল হাতোৰাৰ মাজত নিঃচিহ্ন হৈ যাব নেকি অসমৰ শত শ্বহীদৰ তেজৰ মূল্য?অসমৰ জনগণৰ আবেগ-অনুভুতিক পণ্য কৰি বহিৰাগত কোম্পানীৰ অবাধ লুণ্ঠনৰ বলি হব লগা হব নেকি অসমৰ জনসাধাৰণ ? সম্প্ৰতি অতিশয় স্পৰ্শকাতৰ সমগ্ৰ অসমৰ আবেগ জড়িত এই প্ৰশ্নই কেৱল নুমলীগড়তেই নহয়,তোলপাৰ লগাইছে সমগ্ৰ অসমতেই । নুমলীগড় শোধনাগাৰৰ অন্যতম অংশীদাৰ ভাৰত পেট্ৰলিয়াম চমুকৈ BPCL ক কেন্দ্ৰীয় কেবিনেটে বিক্ৰীৰ সিদ্ধান্ত লোৱাৰ পিছতেই নুমলীগড় শোধনাগাৰলৈও নামি আহিছে ঘোৰ অমানিশাৰ বতৰা । কিয়নো নুমলীগড় শোধনাগাৰে যি সমূহ তৈলজাত সামগ্ৰী বাণিজ্য কৰে সেইয়া সম্পূৰ্ণৰূপে ভাৰত পেট্ৰলিয়ামৰ অধীনত কৰে। এনে ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে ভাৰত প্ৰেট্ৰলিয়ামক বিক্ৰীৰ সিদ্ধান্তই পোনপটীয়াকৈয়ে প্ৰভাৱ পেলাব নুমলীগড় তেল শোধনাগাৰৰ ওপৰত। অসমৰ স্বাধীনতা আন্দোলনত ৮৫৫ জনকৈ শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ কোনো এখন চৰকাৰেই আজিকোপতি সঠিক মূল্যায়ন কৰিব নোৱাৰাৰ সমান্তৰালভাৱে তেওঁলোকৰ ত্যাগৰ ফচল নুমলীগড় শোধনাগাৰো এতিয়া ভাৰত পেট্ৰলিয়ামৰ লগতে বিক্ৰী হৈ যোৱাৰ সম্ভাৱনাই ক্ৰমান্বয়ে ষ্পষ্ট হৈ পৰিছে । কাৰণ নুমলীগড় তেল শোধনাগাৰত ভাৰত পেট্ৰলিয়ামৰ আছে ৬২ %অংশীদাৰিত্ব ৷ ৬২% কৈ অংশীদাৰিত্ব থকা এটা প্ৰতিষ্ঠান বিক্ৰী হৈ আঁতৰি যোৱাৰ পাছত নুমলীগড় শোধনাগাৰৰ পৰৱৰ্তী স্থিতি কিমান সৱল হব সেয়া সহজেই অনুমেয় ৷সম্প্ৰতি চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমতে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *