জনসুহৃদ চিদানন্দ শইকীয়া জন্ম শতবৰ্ষ অনুষ্ঠান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ অক্টোবৰ: গোলাঘাট জিলা সাহিত্য সভা আৰু পুৱতি সাহিত্য সভাৰ যৌথ উদ্যোগত আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত জনসুহৃদ চিদানন্দ শইকীয়া জন্ম শতবর্ষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা ৷ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ভবেশ শইকীয়াই। গছপুলি ৰোপন কৰে কল্পনা চেতিয়া, মনোৰঞ্জন সেন আৰু চৈয়দ আনিচুৰ ৰহমানে। চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পন কৰে গোপিকানন্দ শইকীয়াই ৷ বন্তি প্ৰজ্বলন কৰে অপূর্ব বৰদলৈয়ে, তৰ্পন কৰে কৃষি মন্ত্রী অতুল বৰাৰ লগতে বিশিষ্ট লোকসকলে। দুপৰীয়া সুৰেন্দ্ৰ মোহন হাজৰিকাৰ সভাপতিত্বত হোৱা সভা উদ্বোধন কৰে মহেশ্বৰ শইকীয়াই। সভাত ডি, আৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে নিৰ্দিষ্ট বক্তাৰ ভাষন দিয়ে। সভাত অন্নদা শইকীয়া, হেমেন হাজৰিকা, ভবেশ শইকীয়া, অপূর্ব বৰদলৈ, দিলীপ শৰ্মা আদিয়ে ভাগ লয়। অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। সম্পাদক গীতাঞ্জলি কলিতাই আত ধৰা সভাত মহিলা সকলে দিহা নাম পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *