তেল শোধানাগাৰ বিক্রীক লৈ জ্বলিছে নুমলীগড়

কাজিৰঙা লাইভ, নুমলীগড়, ১১ অক্টোবৰ: নুমলীগড় শোধানাগাৰৰ বিক্রীক লৈ জ্বলিছে এতিয়া নুমলীগড়। ৮৫৫ জন শ্বহীদৰ আত্মবলিদান,ছবছৰীয়া অসম আন্দোলনত জীৱন ঘূণীয়া হোৱা বহুজনৰ আৰ্তনাদ আৰু কষ্টৰ বিনিময়ত লাভ কৰা নুমলীগড় শোধনাগাৰৰ দৰে অসমৰ সম্পদ বহিৰাগত কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ আজি তীব্ৰ প্ৰতিবাদ কৰি “তেজ দিম ৰিফাইনেৰী নিদিওঁ” ধ্বনিৰে প্ৰতিবাদ মুখৰ হৈ পৰে নুমলীগড় শোধানাগাৰৰ মূখ্য দ্বাৰ। কেন্দ্ৰীয় চৰকাৰে ভাৰত প্ৰেট্ৰলিয়ামক (BPCL )ক ব্যক্তিগত কৰণ কৰাৰ হঠকাৰী সিদ্ধান্তৰ পাছতে আজি পুৱাৰে পৰা নুমলীগড় শোধানাগাৰৰ টেংকাৰ সন্থা, নুমলীগড় শোধনাগাৰ এমপ্ল‌য়ীজ ইউনিয়ন, ৱৰ্কাৰ্ছ ইউনিয়ন, পেট্ৰলিয়াম মজদূৰ ইউনিয়ন ৰ লগতে শোধানাগাৰটোৰ স্থায়ী অস্থায়ী সকলো শ্ৰমিক একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে নুমলীগড় শোধনাগাৰত আছে ভাৰত প্ৰেট্ৰলিয়ামৰ ৬২% অংশীদাৰীত্ব । প্ৰতিবাদত অংশগ্ৰহণকাৰী সকলে কয় যে ভাৰত প্ৰেট্ৰলিয়াম বিক্ৰী মানেই ভাৰত চৰকাৰৰ নিজা সম্পদ হিচাপে পৰিগণিত হৈ অহা মুম্বাই ৰিফাইনেৰী,কোচি ৰিফাইনেৰী,বিনা ৰিফাইনেৰী আৰু নুমলীগড় ৰিফাইনেৰীকে ধৰি সৰ্বমুঠ চাৰিটা শোধনাগাৰ ব্যক্তিগত খণ্ডৰ মালিকাধীন হব ৷ যিটো অনাগত দিনবোৰৰ বাবে এক জ্বলন্ত সমস্যাৰূপে পৰিগণিত হব ৷নিজ মুনাফা আদায়ৰ বাবে এনে ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে নিজ ইচ্ছানুযায়ী প্ৰেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ সোধাব বুলিও প্ৰতিবাদ কাৰীসকলে উল্লেখ কৰে৷এপদ এপদকৈ বৃহৎ বৃহৎ ৰাজহুৱা সম্পত্তিবোৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াত এইবাৰ নুমলীগড় শোধনাগাৰো সুমুৱাত ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে অসমৰ জনসাধাৰণৰ আবেগ-অনুভুতিক গুৰুত্ব দি এইক্ষেত্ৰত অসম চৰকাৰে এক সৱল ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *