বোকাখাতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মবিৰতিৰ বাবে অচল পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়

কাজিৰঙা লাইভ,বোকাখাত,১১ অক্টোবৰ : ১১ দিনত ভৰি দিলে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতিয়ে ৷ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্ম বিৰতিৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছে খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ লগতে পঞ্চায়ত কাৰ্যালয় সমূহত ৷ ৰাজ্যৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় আৰু পঞ্চায়ত কাৰ্যালয় সমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্যৰ দাবীৰ লগতে চাকৰি সুনিশ্চিত কৰাৰ উপৰিও চাকৰি নিয়মীয়াকৰণ, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ হাৰত বেতন আদায়, নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা-সুবিধা প্ৰদানৰ দাবীত দীৰ্ঘদিনীয়া কৰ্মবিৰতি পালন কৰি আহিছে ৷ যাৰ ফলশ্ৰুতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ কাৰ্যালয়ৰ কামকাজত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে ৷ গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড, বোকাখাতৰ কাৰ্যালয়ৰ অন্তৰ্গত ২০ খন পঞ্চায়তৰ ৫৯ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে দীৰ্ঘদিন কৰ্মবিৰতি পালন কৰি আহিছে ৷ যাৰ ফলত খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় আৰু ২০ খন পঞ্চায়তত কামকাজ কৰ্ম বিৰতিৰ বাবে অচলাৱস্থাৰ সৃষ্টি কৰিছে ৷ কিন্তু ঠিকাভিত্তিক কৰ্মচাৰীৰ এই দীৰ্ঘদিনীয়া কৰ্ম বিৰতিৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীয়ে ৷ অহা ১৪ অক্টোবৰত চৰকাৰ আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ মাজত এক আলোচনাত মিলিত হ’ব ৷ সেই আলোচনাত কোনো সুফল নাপালে ঠিকাভিত্তিক কৰ্মচাৰীয়ে জংগী আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলি চৰকাৰক সকিয়াই দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *