ধৰণি ধুনীয়া কৰিবলৈ আগবাঢ়ি আহিল “সঁজাল”

কাজিৰঙা লাইভ , বোকাখাত, ১১ অক্টোবৰ : আমাজ’নৰ প্ৰলয়ংকাৰী অগ্নিকাণ্ডৰ লগতে সাম্প্ৰতিক সময়ত পৰিৱেশ ধ্বংসৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সময় বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ কেইজনমান ডেকা আগবাঢ়ি আহিছে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে। যি সময়ত যুৱসমাজৰ সামগ্ৰিক অধঃপতনৰ বাবে যুৱপ্ৰজন্মক বাৰে বাৰে দোষাৰোপ কৰি থকা হয়, যি সময়ত যুৱপ্ৰজন্ম বিপথে পৰিচালিত হৈ সমাজক কলুষিত কৰা বুলি সকলোৰে মুখে মুখে উচ্চাৰিত হয় তেনে সময়তে বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ বকুলতলৰ কেইজন মান ডেকাই “সঁজাল” নামেৰে এক অনুষ্ঠান গঢ়ি তুলি পৰিৱেশ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে। ঘৰে প্ৰতি দুই/তিনিটাকৈ বাঁহ তুলি,নিজে ঘেৰ সাজি, গছপুলি ৰোপণেৰে “গছপুলি ৰোপণ আৰু প্ৰতিপালন”কাৰ্যসূচী অনুষ্ঠিত কৰিছে।
“সঁজাল”ৰ প্ৰথমটো অনুষ্ঠান সঁজালৰ একান্ত কষ্ট আৰু বকুলতলবাসীৰ সহযোগিতাত সফলতাৰে হৈ যায়। “সঁজাল”ৰ শুভাকাংক্ষী দুলাল বৰাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাক্তন সু-শিক্ষক তথা সাংবাদিক বুবুল দত্ত,পৰিৱেশ কৰ্মী যদু গোস্বামী, সমাজকৰ্মী আৰু বকুলতলৰ বয়োজ্যেষ্ঠ অকণ ৰাজখোৱা, সমাজকৰ্মী বলো বৰা, নাট্যকাৰ প্ৰবিত্ৰ ৰাজখোৱাকে প্ৰমুখ্য কৰি কুৰুৱাবাহী অঞ্চলৰ সমূহ সচেতন ৰাইজ।অনুষ্ঠানটিত উপস্থিত থাকি পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ উপকাৰিতাৰ সন্দৰ্ভত সম্পৰ্কে বুবুল দত্তই কোৱা সাৰগৰ্ভ ভাষণে উপস্থিত সকলোৰে মনত পৰিবেশৰ সজাগতাৰ ওপৰত গভীৰ ৰেখাপাত কৰিবলৈ সক্ষম হয় । বকুলতল নামঘৰৰ সন্মূখৰ পৰা পুলি সমূহ ৰোপণৰ কাম আৰম্ভ হয় ৷ “সঁজাল”ৰ লক্ষ্য আৰু আদৰ্শ “ধৰণী ধুনীয়া কৰিম” ৷ প্ৰতিটো পুলি পিতৃৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ দায়িত্ব আন্তৰিকতাৰে গ্ৰহণ কৰে সঁজালৰ প্ৰতিজন সদস্যই। “সঁজাল”ৰ সদস্য প্ৰিয়াংশু প্ৰাঞ্জল, বিশ্বজ্যোতি শইকীয়া, প্ৰাঞ্জল পাঠক, ভাস্কৰ শইকীয়া, কৌশিক দত্ত, মানস শইকীয়া, সঞ্জীৱ শইকীয়া, নয়নমণি শইকীয়া, দেৱাকিশোৰ বৰা আৰু গৌতম শইকীয়া লগতে ওতঃপ্ৰোতভাৱে জড়িত আছে চিন্ময় বৰা আৰু দিপু শইকীয়া। এই সকল কৰ্মোদ্যমী সচেতন যুৱক আজিৰ উশৃঙ্খল যুৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *