দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

আজি আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ অক্টোবৰ: উদুলি-মুদুলি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পদুলি ৷ অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলায় আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ৷নতুন পৰ্যটন বৰ্ষক আদৰিবলৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষৰ লগতে সমগ্ৰ কাজিৰঙাই ৷ বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা প্ৰলয়ংকৰী বানৰ তাণ্ডৱত উদ্যানখনত যথেষ্ট সংখ্যক ক্ষতি সাধন হোৱাত মেৰামতিৰ বাবে উদ্যান কৰ্তৃপক্ষ বহু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পহিলা অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়াটো সম্ভৱপৰ নহল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিনৰ ১১ বজাত প্ৰথমে বাগৰি বনাঞ্চল আৰু তাৰ পাছতে দিনৰ ১২ বজাত কহঁৰা বনাঞ্চলৰ ফিটা কাটি দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ অৱশ্যে কেৱল জীপ চাফাৰীৰ বাবেহে প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব বুলি বনবিভাগে জানিবলৈ দিয়ে ৷ বিগত ভয়াবহ বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাটপথ সমূহ সম্পূৰ্ণৰূপে তচনচ কৰি যাতায়তৰ বাবে একেবাৰেই অনুপযুক্ত কৰি পেলাইছিল ৷ উল্লেখ্য যে উদ্যানখনৰ অৰণ্যৰ মাজত এতিয়াও ঠায়ে-ঠায়ে যথেষ্ট পানী জমা হৈ থকাত হাতী চাফাৰীৰ বাবে উদ্যানখন উপযোগী হৈ নুঠাৰ বাবে এতিয়াও বন্ধ হৈ থাকিব উদ্যানখনত হাতী চাফাৰী ৷ উদ্যানখনৰ ভিতৰভাগত জমা হৈ ৰোৱা পানী কিছু শুকালেই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানখন হাতী চাফাৰীৰ বাবে মুকলি কৰি দিয়া হব বুলি বনবিভাগে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বিগত ভয়াবহ বানে ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল ৷একেবাৰেই চিন-মোকাম নাইকিয়া কৰি পেলাইছিল পৰ্যটনৰ সকলো পথ আৰু বনবিভাগৰ তহলদাৰী পথ সমূহো ৷ যাৰবাবে উদ্যানখন মুকলি কৰি দিয়া নিদিয়াৰ সন্দৰ্ভত এক অনিশ্চয়তাই বিৰাজ কৰিছিল ৷ বিগত বৰ্ষত ২ অক্টোবৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও সম্প্ৰতি বাটপথ সমূহ বিধ্বস্ত হৈ থকাৰ বাবে এই বৰ্ষত উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাত যথেষ্ট পলম হোৱাৰ অনিশ্চয়তাৰ মাজতে বনবিভাগে যৎপৰোনাস্তি চেষ্টাৰে উদ্যানখনৰ পৰ্যটনৰ পথ সমূহৰ ৫০% পথ মেৰামতি কৰিবলৈ সক্ষম হোৱাত আজি ৰাষ্ট্ৰীয় উদ্যানখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কেৱল ডোঙা আৰু বিমলী তিনিআলিলৈকে আৰু কহঁৰা বনাঞ্চলত ভৈছামাৰী লৈকে জীপ-চাফাৰীৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰিব ৷ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ আজিৰ এই অনুষ্ঠানটিত তেখেতৰ লগত উপস্থিত থাকিব স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা,বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে ৷ আজিৰ অনুষ্ঠানটিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *