লাওখোৱাত বনৰক্ষীৰ মৃত্যু

কাজিৰঙা লাইভ, কলিয়াবৰ, ১২ অক্টোৱৰঃ লাওখোৱা অভয়াৰণ্যত শোকাৱহ ঘটনা ৷ অভয়াৰণ্যখনৰ অন্তৰ্গত ৰূপহীমুখ বন শিবিৰত এই অঘটন সংঘটিত হৈছে ৷ আজি পুৱা বনশিৱিৰটোৰ বিচনাতে ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছে দিলীপ সিং ৰংহাং নামৰ বনৰক্ষী জনৰ মৃতদেহ । পুৱা সতীৰ্থ বনকৰ্মী সকলে ৰংহাঙৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত বনকৰ্মী জনৰ ঘৰ কাৰ্বি আংলঙত । নিশা শুই থকা অৱস্থাতে বনকৰ্মী জনৰ উচ্চ ৰক্তচাপত মৃত্যু হোৱা বুলি সতীৰ্থ সকলে প্ৰকাশ কৰিছে যদিও ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাক অৱগত কৰাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *