বোকাখাতৰ লতাবাৰীত গাড়ীৰ খুন্দাত মৃত্যু পহুৰ

কাজিৰঙা লাইভ, বোকাখাত, ১২অক্টোবৰ : বোকাখাতৰ লতাবাৰীত শনিবাৰে পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে গাড়ীৰ খুন্দাত মৃত্যু হয় এজনী মাইকী ছাগলী পহুৰ। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ পৰা ওলাই চাহ বাগিছাত আশ্ৰয় লোৱা পহুজনীক যাত্ৰীবাহী এখন ট্ৰেভেলাৰে খুন্দিয়াই থৈ যায় বুলি স্থানীয় লোকে জানিবলৈ দিয়ি ৷ বোকাখাত খণ্ড বন কাৰ্য়ালয়ৰ পৰা অহা বনকৰ্মীয়ে মৃত পহুজনীক কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ ও পুনৰ সংস্থাপন কেন্দ্ৰলৈ মৰণোত্তৰ পৰীক্ষা বাবে কৰে ৷পহুজনী খুন্দিয়াই তীব্ৰ বেগেৰে পলায়ন কৰে যাত্ৰীবাহী ট্ৰেভেলাৰখনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *