পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ অক্টোবৰ: পোন প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আজি দিনৰ ভাগত প্ৰথমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কাজিৰঙাৰ বাগৰি বনাঞ্চলত উপস্থিত হৈ আনুষ্ঠানিক ভাবে পৰ্যটকৰ বাবে মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ইয়াৰ পাছতে উদ্যানৰ কহঁৰা বনাঞ্চলত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত প্ৰৱেশ দ্বাৰত নাৰিকল ভাঙি ফিটা কাটি কহঁৰা বনাঞ্চল মুকলি কৰে ৷ সম্প্ৰতি পৰ্যটকৰ সুবিধা প্ৰতি লক্ষ্য ৰাখি তথা উদ্যানৰ পৰ্যটক পথ সমূহ সম্পূৰ্ণ মেৰামতি নোহোৱাত কেৱল জীপ চাফাৰিৰ বাবে উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চল আংশিক ভাৱে মুকলি কৰা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিয়ে বন মন্ত্ৰী পৰিমল শুক্লবৈদ, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাই । কাজিৰঙাৰ কহঁৰা বনাঞ্চল মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালক অগপ বোকাখাত জিলা সমিতিৰ হৈ সভাপতি জগত কলিতা, কাজিৰঙা হোটেল এণ্ড ৰিজ’ৰ্ট এছ’ছিয়েচনৰ সভাপতি ফটিক বৰা আৰু সম্পাদক পংকজ গগৈ, বোকাখাত আটছাৰ কুমুদ কালিন্দী, বোকাখাত গোৰ্খা ছাত্ৰ সন্থাৰ হৈ ৰূদ্ৰ ছেত্ৰীয়ে আদৰণি জনায় ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱালে কাজিৰঙা জীপ ছাফাৰি সন্থাৰ দ্বাৰা কহঁৰাৰ জীপ ছাফাৰি সন্থাৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি অনুষ্ঠানত অংশ লয় ৷ মুখ্যমন্ত্ৰী সোণোৱালে কাজিৰঙাক এখন স্বচ্ছ, প্লাষ্টিকমুক্ত পৰ্যটন থলী হিচাপে গঢ় দিবলৈ সকলোকে আহ্বান জনাই অনুষ্ঠানত কয় যে, বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা পৰ্যটক সকলক সৰ্বোত্তম সেৱা আগবঢ়াবলৈ সকলো যত্নপৰ হোৱাৰ সময় ৷ প্ৰতি বছৰে কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা অহা দহ বছৰৰ ভিতৰত কোটিৰ ঘৰলৈ নিবলৈ এক লক্ষ্য হিছাপে লৈ সকলোকে পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ উৎসাহ প্ৰদান কৰি চৰকাৰ তৰফৰ পৰা ল’বলগীয়া পদক্ষেপসমূহ পৰ্যায়ক্ৰমে লোৱা হ’ব তথা সেই সন্দৰ্ভত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাৰ পৰ্যটন উদ্যোগী তথা স্থানীয় ৰাইজক অৱগত কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ইয়াৰ পাছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই জীপ ছাফাৰি সন্থাৰ কাৰ্যালয়ৰ ফিটা কাটি ২০১৯-২০ পৰ্যটন বৰ্ষৰ বাবে কাৰ্যালয় মুকলি কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *