বোকাখাত আৰক্ষী থানা শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ অক্টোবৰ: ১৯০৫ চনতে নিৰ্মিত বোকাখাত আৰক্ষী থানা “মৈত্ৰী’ৰ অধীনত নৱনিৰ্মিত ভৱনৰ আজি শুভ উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ এই শুভ উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ লগতে কেইবাজনো আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উদ্বোধনকালত আৰক্ষী সকলক সততা আৰু নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি জনতাৰ আস্থা আৰু বিশ্বাসক জীয়াই ৰাখিবৰ বাবে আহ্বান জনোৱাৰ লগতে শান্তি- শৃংখলা বজাই ৰাখি অসমক এখন সৰ্বাংগসুন্দৰ ৰাজ্য হিচাপে গঢ়ি তুলিবৰ বাবে হাতে-কামে আগবাঢ়ি যাবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভাষণত শূন্য সহনশীলতাৰ নীতিৰ দ্বাৰা দুৰ্নীতিমুক্ত অসমৰ লগতে স্বচ্ছ ভাৰত গঢ়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় আৰু সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে ৷ নুমলীগড় শোধনাগাৰ বহিৰাগত কোম্পানীৰ হাতত বিক্ৰী কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়ে এই পৰ্যন্ত কোনো খবৰ অসম চৰকাৰলৈ অহা নাই ,মাথোঁ সংবাদ মাধ্যমৰ জৰিয়তেহে তেখেতে এই বিষয়ে জানিব পৰা বুলি কয় ৷ তেখেতে লগতে উল্লেখ কৰে যে অসম চৰকাৰৰ ১২% শতাংশ অংশীদাৰিত্ব থকাৰ পৰিপ্ৰেক্ষিতত এইবিষয়ে যদি চৰকাৰক জনায় তেন্তে পৰৱৰ্তী সময়ত অসমৰ জনসাধাৰণৰ স্বাৰ্থত এই ক্ষেত্ৰত অসম চৰকাৰে নিশ্চিত ভাৱে উচিত পদক্ষেপ গ্ৰহণ কৰিব ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সহ দলটো অন্য এখন গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে ৰাওনা হয় কাজিৰঙাৰ কহঁৰালৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *