কাজিৰঙাত আসাম চেম্বাৰছ অৱ কমাৰ্চ’ৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱস

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ অক্টোবৰ: শনিবাৰে সন্ধিয়া কাজিৰঙাস্থিত বৰগছ ৰিচৰ্টত আসাম চেম্বাৰছ অৱ কমাৰ্চ’ৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ এই প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা আহি কাজিৰঙাত উপস্থিত হোৱা অাসাম চেম্বাৰছ অৱ কমাৰ্চৰ প্ৰতিনিধিসকলে ৷ এই প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক বিমল বৰা,আসাম চেম্বাৰছ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ নাৰায়ণ৷ এই অনুষ্ঠানত মণিৰাম দেৱানৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *