বোকাখাতত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত দুজন

কাজিৰঙা লাইভ, বোকাখাত, ১৩ অক্টোবৰ: বোকাখাতৰ ৰজাবাৰীত আৰু লখৌজানত আজি সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ এই দুয়োটা পৃথককৈ সংঘটিত পথ দূৰ্ঘটনাতে দুজনকৈ ব্যক্তিয়ে সাৱটি লব লগা হয় অকাল মৃত্যুক ৷৷ আজি পুৱাতে লখৌজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক পথ দুৰ্ঘটনাত গুৱাহাটীৰ হায়াট চিকিৎসালয়ৰ এখন এম্বুলেঞ্চে অতুল পাল নামৰ এজন পথচাৰীক মহতিয়াই নিয়ে ৷তীব্ৰবেগী এম্বুলেঞ্চখনৰ প্ৰচণ্ড খুন্দাত পথৰ পৰা একেকোবেই দলংৰ তলত চিটিকি পৰেগৈ অতুল পাল নামৰ ব্যক্তিজন ৷পৰৱৰ্তী সময়ত এম্বুলেঞ্চেৰে আহত অতুল পালক জৰুৰীকালীন উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ পথত আমনি নামৰ ঠাইটুকুৰাতে শেষ নিঃশ্বাস ত্যাগ কৰে অতুল পালে ৷দ্বিতীয়তো পথ দুৰ্ঘটনা সংঘটিত হয় লখৌজানৰে সমীপৰ ৰজাবাৰী নামৰ ঠাইত ৷ এই শোকাবহ পথ দুৰ্ঘটনাতো কৰুণভাৱে অকালতে মৃত্যুক সাৱটি লব লগা হল ৰূপজ্যোতি বৰা নামৰ এজন যুৱকে । ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকা NL 01Q 1905 নম্বৰৰ এখন গেছ কঢ়িওৱা ট্ৰেংকাৰ আৰু AS 02 AC 2282 নম্বৰৰ এখন ট্ৰেভেলাৰৰ সৈতে মটৰ চাইকেল আৰোহী ৰূপজ্যোতি বৰা নামৰ এইজন যুৱকৰ ৰজাবাৰীত হোৱা সংঘৰ্ষৰ পৰিণতিত NL. 02 E 4794 নম্বৰৰ মটৰ চাইকেলখনৰ আৰোহী এই যুৱকজন গুৰুতৰ ভাৱে আহত হয় ৷এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই গুৰুতৰ ভাৱে আহত ৰূপজ্যোতি বৰাক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও ক্ষন্তেক সময়ৰ পাছতেই শেষ নিঃশ্বাস ত্যাগ কৰে ৰজাবাৰীৰ সৰবৰহী এই যুৱক জনে ৷ অঞ্চলটোৰ জনপ্ৰিয় যুৱক ৰূপজ্যোতি বৰা ৰজাবাৰীৰ বীৰেন বৰাৰ এক মাত্ৰ পুত্ৰ আছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *