“উৰণ”ৰ উদ্যোগত বোকাখাতত বিজ্ঞান প্ৰদৰ্শনী

কাজিৰঙা লাইভ, বোকাখাত, ১৩ অক্টোবৰ : দেওঁবাৰে উৰণ ( to touch the sky ) নামৰ সংগঠনটোৱে বোকাখাতৰ কৈলাখাট নাট্য মন্দিৰত এক বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰে ৷ শিক্ষাৰ্থীৰ মাজত অন্ধবিশ্বাস আঁতৰাই বিজ্ঞান মুখী কৰাৰ বাবে উৰণে প্ৰতি দেওবাৰে বিনামুলীয়াকৈ অঞ্চলটোত বিজ্ঞান শিক্ষাও প্ৰদান কৰি আহিছে ৷ চন্দ্ৰনাথ বেজবৰুৱা কলেজৰ অধ্যক্ষ শৰৎ দত্তই উদ্বোধন কৰা বিজ্ঞান প্ৰৰ্দশনীখনত ৰাইজৰ উৎসাহ দেখি সন্তুষ্টি প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *