অসম গণ পৰিষদৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস

কাজিৰঙা লাইভ, বোকাখাত, ১০ অক্টোবৰ: ১৯৮৫ চনত গোলাঘাটত জন্ম লাভ কৰা অসম গণ পৰিষদে অহা ১৪ অক্টোবৰত অভয়াপুৰিত পালন কৰিব দলটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। অগপৰ সভাপতি অতুল বৰাই জনোৱা মতে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে পালন কৰা হব দলটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। অভয়াপুৰীত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা এই প্ৰতিষ্ঠা দিৱসত পুৱা পতাকা উত্তোলনৰ পাছতে দিনজোৰা কাৰ্যসূচী গ্ৰহন কৰিছে আঞ্চলিক দলটোৱে। বোকাখাটৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা জনায় দলটোৰ সভাপতি গৰাকীয়ে ৷ উল্লেখযোগ্য যে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত ৰাজ্যত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত আন্দোলনৰ সুচনা হৈছিল তাৰ ফলশ্ৰুতিত জন্ম হৈছিল অসম গণ পৰিষদ দলৰ ৷ আনহাতে আগন্তুক ৪ টা সমষ্টিৰ বিধান সভাৰ উপ নিৰ্বাচনত বিজেপি দলক সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ কৰি যোৱাৰ লগতে উপ নিৰ্বাচনত প্ৰতিটো সমষ্টিতে অগপই অস্থায়ী কাৰ্যালয় খুলি দলটোৰ হৈ প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *