বোকাখাতৰ হেমন্ত দত্তই অসমৰ হৈ অংশ লৱ মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং প্ৰতিযোগিতাত

কাজিৰঙা লাইভ, বোকাখাত, ৯ অক্টোবৰ :
বোকাখাতৰ হেমন্ত দত্তই কেৰেলাত অনুষ্ঠিত হব লগীয়া মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং প্ৰতিযোগিতাত অসমৰ পৰা অংশগ্ৰহণ কৰিব। ইতিমধ্যে হেমন্ত দত্তই শিৱসাগৰত অনুষ্ঠিত হোৱা মিষ্টাৰ অসম প্ৰতিযোগিতত শ্ৰেষ্ঠ খিতাপ অৰ্থাৎ মিষ্টাৰ অসম শীৰ্ষক খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ বুধবাৰে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই হেমন্ত দত্তৰ বাসগৃহত উপস্থিত হৈ কেৰেলাত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ লগতে এককালিন নগদ ধনৰ সাহাৰ্য আগবঢ়াই ৷ বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক দেহ প্ৰদৰ্শন কৰে হেমন্ত দত্তই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *