কলিয়াবৰৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা,নিহত ১

কাজিৰঙা লাইভ, কলিয়াবৰ, ৯ অক্টোবৰ: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন, শিশুসহ হতাহত ২৪ জন।জখলাবন্ধা আৰক্ষী থানা এলেকাধীন কাজিৰঙা সমীপৱৰ্তী কাঞ্চনজুৰিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি যোৰহাট অভিমুখী বাছ আৰু জখলাবন্ধা অভিমুখী টেংকাৰৰ সৈতে সংঘটিত হয় ভয়ংকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত থিতাতে নিহত হয় এজন যাত্ৰী। গুৰুতৰ ভাবে আহত হয় এটি শিশু আৰু ৭গৰাকী মহিলা সহ ২৪ জন যাত্ৰী । আহত যাত্ৰী সকলক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে ১৯ জন কৈ আহত যাত্ৰীক উন্নত চিকিৎসাৰ বাবেতেজপুৰ আৰু নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পঞ্জীয়ন নম্বৰ AS 01 HC 8887 আৰু টেংকাৰ খনৰ পঞ্জীয়ন নম্বৰ AS 01 DC 4056 ৷ বাচ-ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত নিহত লোক জনৰ নাম ছাহজামান হুছেইন। নিহত হুছেইনৰ ঘৰ গোলাঘাট জিলাৰ বেঙেনা খোৱা ৰূপনগৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *