সফলতাৰ দৌৰত কোৱাৰ্মী

নীলপদ্ম শৰ্মা, কাজিৰঙা, ২০ ছেপ্টেম্বৰ ২০১৯: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন সময়ত সংঘটিত হৈ অহা গঁড় নিধনৰ ঘটনাৰ ক্ষীপ্ৰ অনুসন্ধানত বন বিভাগ বা আৰক্ষীয়ে দুস্কৃতিকাৰীক বহু ক্ষেত্ৰত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷আৰক্ষী আৰু বনবিভাগৰ এই সফলতাৰ আঁৰত কেতিয়াবা গুৰুত্ব পূৰ্ণ ভূমিকা লৈ আহিছে বনবিভাগৰ স্নীফাৰ ডগ সমূহে ৷ইয়াৰ ভিতৰত এজনী স্নীফাৰ ডগে বিশেষ দক্ষতা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৷স্নীফাৰ ডগ জনীৰ নাম কোৱাৰ্মী ৷গোৱালিয়ৰত অনুষ্ঠিত স্নীফাৰ ডগৰ পাৰদৰ্শিতা প্ৰতিযোগিতাত কোৱাৰ্মীৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে স্থান লাভ কৰি অসমৰ বাবে গৌৰৱ কঢিয়াই আনিছে ৷উল্লেখযোগ্য যে চোৰাং চিকাৰীয় ব্যৱহাৰ কৰা অস্ত্ৰশস্ত্ৰ কোৱাৰ্মীয়ে উদ্ধাৰ কৰাৰ লগতে ডকাইতৰ বিৰোদ্ধে চলা অভিযানতো আৰক্ষীক সফলতাৰ বাট দেখুৱাইছে কোৱাৰ্মীয়ে ৷কোৱাৰ্মীৰ এই সফলতাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কোৱাৰ্মীৰ তত্বাৱধায়ক লক্ষীনন্দন বৰুৱাক বনবিভাগৰ এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *