কাজিৰঙাৰ ১৫ সংখ্যক আৱাসিক প্ৰকৃতি শিৱিৰৰ সফল সামৰণী : ফৰাচী সঁজাতি দলৰ সৈতে বিশেষ মতবিনিময় ছাত্ৰ ছাত্ৰীৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত ১৫ মাৰ্চৰ পৰা আয়োজিত হোৱা ১৫ সংখ্যক আৱাসিক প্ৰকৃতি শিবিৰৰ আজি সামৰণী পৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমা আৰু বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈৰ উপস্থিতিত অনুষ্ঠিত এই শিৱিৰৰ সমাৱৰ্তন সমাৰোহত অংশ গ্ৰহন কৰা ৩৭ গৰাকী ছাত্ৰ ছাত্ৰী আৰু ৮ গৰাকী স্বেচ্ছা সেৱকক মানপত্ৰ প্ৰদান কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম বনাঞ্চল বাগৰিত আয়োজিত এই আৱাসিক প্ৰকৃতি শিৱিৰৰ সমাৱৰ্তন সমাৰোহ অনুষ্ঠানৰ শেষত ফৰাচী দেশৰ উন্নয়ন প্ৰধিকৰণৰ ১০ জনীয়া এক সজাতি দলে বাগৰি বনাঞ্চলৰ এই আৱাসিক প্ৰকৃতি শিৱিৰলৈ আহি অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সৈতে মত বিনিময় কৰে ৷ উঠি অহা প্ৰজন্মক বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই প্ৰচেষ্টাৰ শলাগ লয় ৷
প্ৰতি বছৰতে আয়োজিত হৈ অহা এই প্ৰকৃতি শিবিৰৰ এইবাৰৰ শিবিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় আৰু কাৰ্বি আংলং জিলাৰ মুঠ ২২ খন গাওঁৰ ২০ খন বিদ্যালয়ৰ মুঠ ৩৭ ছাত্ৰ ছাত্ৰী আৰু দুখন মহাবিদ্যালয়ৰ পৰা অহা ৮ গৰাকী স্বেচ্ছাসেৱকে অংশ গ্ৰহন কৰে ৷ তিনিদিনীয়া এই শিৱিৰত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক বন বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে অৱগত কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰোৱা হয় ৷ শিৱিৰৰ দ্বিতীয় দিনা হোৱা ক্ষেত্ৰ অধ্যয়নৰ আৰু পক্ষী নিৰীক্ষণৰ সময়ত ছাত্ৰ ছাত্ৰী সকলে কাজিৰঙাৰ কৰ্তৃপক্ষই বান্দৰডুবি অঞ্চলত নিৰ্মান কৰা এটা বনশিৱিৰ আৰু দেওচূড়ত নিৰ্মান কৰা পানী সংৰক্ষনৰ বান্ধৰ শুভ উদ্বোধন কৰে ৷ উল্লেখ্য যে ২০০৭ চনৰ পৰা প্ৰতি বছৰেই অনুষ্ঠিত হৈ অহা কাজিৰঙাৰ এই আৱাসিক প্ৰকৃতি শিৱিৰত এতিয়ালৈকে ৬৩৭ গৰাকী ছাত্ৰ ছাত্ৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সমল ব্যক্তিয়ে অংশগ্ৰহন কৰিছে ৷ ইফালে কাজিৰঙাৰ কৰ্তৃপক্ষৰ নেতৃত্বত আৰণ্য, বিশ্ব প্ৰকৃতি নিধি, ভুমি, কৰবেট ফাউণ্ডেচন অথবা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপৰিও মুঠ ৩২ টা সংগঠনে বিশেষ সহযোগিতা আগবঢ়াই আহিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *