কাজিৰঙাত পৰ্যটনৰ নতুন সংযোজন, ঘন অৰণ্যৰ মাজত হব ট্ৰেকিং

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা, ২০ ছেপ্টেম্বৰ ২০১৯: বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটনৰ নতুন সংযোজন ৷ কাজিৰঙাৰ অটব্য অৰণ্যৰ মাজত পৰ্যটকে কৰিব পাৰিব ট্ৰেকিং ৷ উল্লেখ্য যে ২০১৯-২০ পৰ্যটন বৰ্ষত কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত বন বিভাগে এক নতুন সংযোজনৰ পৰিকল্পনা কৰিছে ৷অৱশ্যে এই ব্যৱস্থা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভিতৰত নহয় ৷হ’ব ৰাষ্ট্ৰীয় উদ্যান খনৰ দক্ষিন দিশৰ কাৰ্বি পাহাৰৰ নামনিৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত ৷২০০৭ চনত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ বাফাৰ জ’ন হিচাবে ঘোষনা কৰা পানবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে হৈ পৰিব প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ আন এক নতুন আকৰ্ষণৰ কেন্দ্ৰ ৷বন বিভাগৰ সূত্ৰ মতে প্ৰতি বছৰে মে মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ পাছত বহু পৰ্যটকে বিফল মনোৰথ হৈ উভতি যাব লগিয়া হয় ৷গতিকে জুলাই মাহলৈকে কাজিৰঙালৈ অহা পৰ্যটকে পানবাৰী সংৰক্ষিত বনাঞ্চল ভ্ৰমন কৰি প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব ৷বিভাগীয় বিশেষজ্ঞৰ মতে প্ৰাকৃতিক সমলৰ দিশতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চলৰ বহু পাৰ্থক্য আছে ৷বিশেষ ভাৱে পানবাৰী সংৰক্ষিত বনাঞ্চলত থকা ১৮ টাতকৈ অধিক জুৰি আৰু জুৰিৰ ফটফটীয়া পানীত থকা চেঙা,বামী,টুৰা,শিলঘৰীয়া আদি মাছ, নানান প্ৰজাতিৰ পক্ষী,পখিলা আদিয়ে পৰ্যটকক বিশেষ ভাৱে আকৰ্ষন কৰিব ৷আনহাতে পানবাৰী বনাঞ্চল নাহৰফুটুকী,হাতী,হুলক গিবন,কেপ লেংগুৰ,লাজুকি বান্দৰ তথা ভিন্ন প্ৰজাতিৰ হৰিণৰ বিচৰণ ভূমি ৷তদুপৰি বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যপ্ৰাণীৰ আশ্ৰয়স্থল পানবাৰী বনাঞ্চল ৷
গতিকে পানবাৰী পৰ্যটকৰ বাবে মুকলি কৰিলে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ এক নতুনত্ব অনাৰ আশা কৰিব পাৰি ৷

Leave a Reply

Your email address will not be published. Required fields are marked *