কাজিৰঙাৰ পৰ্যটন উদ্যোগ আৰু আন্ত:গাঁঁথনি

বিতোপন কলং, নগাঁও, ২০ ছেপ্টেম্বৰ ২০১৯: অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৰ্যটন অতি সম্ভাৱনাপূৰ্ণ উদ্যোগ ৷ কিন্তু উপযুক্ত আন্তঃগাঁথনি, পৰ্যটকৰ বাবে সা-সুবিধা, সংগঠিত পৰ্যটন থলীৰ অভাৱত কাজিৰঙাৰ পৰ্যটন উদ্যোগে আশানুৰূপ অগ্ৰসৰতা লাভ কৰিব পৰা নাই ৷ যিটো উদ্যোগৰ উপযুক্তভাৱে উন্নয়ণ সাধিব পাৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ লাখ-লাখ লোকৰ বাবে কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব ৷ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্যটন উদ্যোগৰ বিষয়ে বিশ্বত প্ৰচাৰৰ বাবে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি হাত সাৱটি বহি থাকিলেই অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন সম্ভৱ নহয় ৷ ৷যদিহে অসমলৈ আহি অসমত থকাৰ সুব্যৱস্থা, খোৱা, নিৰাপত্তা, পৰিবহন আৰু পৰ্যটন থলীবোৰলৈ যোৱাৰ বাবে পৰ্যটকৰ বাবে সু-সংগঠিত কণ্ডাক্টেড টুৰিষ্ট বাছ সেৱাৰ ব্যৱস্থা নকৰে ৷

উত্তৰ-পূৱ তথা অসমৰ পৰ্যটনৰ আকৰ্ষণৰ অন্যতম প্ৰধান ঠাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙা পৰ্যটকৰ বাবে কিমান সু-সংগঠিত ৷ এজন পৰ্যটক যদি গুৱাহাটী বা যোৰহাট বিমান বন্দৰ আৰু ৰেলষ্টেচনত উপস্থিত হোৱাৰ পাছত কেতিয়াবা ঠগ-প্ৰৱঞ্চকৰ জালত পৰাৰ উদাহৰণো নোহোৱা নহয় ৷ পৰ্যটকৰ সামৰ্থ অনুযায়ী হোটেল বা যাতায়তৰ সেৱা ব্যৱস্থা অতি দৰকাৰ ৷ উদাহৰণ হিচাপে মালয়েচিয়াৰ যিকোনো এখন চহৰৰ পৰা যিকোনো এজন পৰ্যটকে মালয়েচিয়াৰ যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাব বিচাৰিলে চৰকাৰী আৰু পৰ্যটন বিভাগৰ বিশেষ বাচ সেৱা আছে ৷ যিবোৰ অতি কম মূল্যৰ আৰু কেৱল পৰ্যটকৰ বাবেহে ৷ আমাৰ অসমত কিয় নাই এনে সেৱা ? অসমলৈ এজন পৰ্যটক যদি পেকেজ ট্যুৰত নাহি নিজে আহে তেওঁ গুৱাহাটীত উপস্থিত হৈ বিমোৰত পৰে ৷ প্ৰথমেই তেওঁক ইন্টাৰনেট সেৱাৰ বাবে এখন চিম কাৰ্ডৰ প্ৰয়োজন যিটো আমাৰ অসমত সুলভ নহয় ৷ পৰ্যটক জন বিমোৰত পৰে যে, কাজিৰঙালৈ তেওঁ গাড়ী ভাড়া কৰি যাবনে, ৰেলেৰে নে বাছেৰে যাব ৷ যদিহে বাছেৰে যাব তাৰ বাবে পৰ্যটকৰ কাৰণে কাজিৰঙালৈ কোনো বাছ সেৱা নাই আৰু ৰাজহুৱা বাছত যাবলৈ হ’লেও ক’ৰ পৰা যাব বা বাছত উঠিব ৷ যদিহে ভাড়া কৰি যায় তেন্তে ব্যক্তি বিশেষে ভাড়াও বেলেগ বেলেগ ৷

এতিয়া ক’ব বিছাৰো কাজিৰঙাৰ আন্তঃগাঁথনি কিমান সু-সংগঠিত পৰ্যটকৰ বাবে ৷ কাজিৰঙাত চৰকাৰী পৰ্যটন নিবাস সমূহৰ অৱস্থা অতি শোচনীয় ৷ পৰ্যটন বিভাগ আৰু পৰ্যটন নিবাসসমূহৰ ৱেবছাইট আৰু ফোন নাম্বাৰ সমূহ বহুতেই বিকল ৷ ট্ৰিপ এডভাইজাৰ আদিত এনেবোৰ পৰ্যটন নিবাসৰ ৰিভিউ অতি বেয়া ৷ তাৰ কাৰণ পৰ্যটন নিবাসৰ ৰূম সমূহৰ দুৰৱস্থা, প্ৰশিক্ষণ নোহোৱা বা নথকা কৰ্মচাৰী আৰু পৰিস্কাৰ-পৰিছন্ন নোহোৱা খাদ্য আৰু পৰিৱেশ ৷ কাজিৰঙাত নাই উপযুক্ত ঠাইত প্ৰয়োজনীয় “Direction Signs” কোন দিশে কি আছে, দৰকাৰী অফিছ বা পথৰ দিশসমূহ ৷ বেচৰকাৰী ক্ষেত্ৰত সুউচ্চ অট্টালিকাৰ প্ৰতিযোগিতা ৷ কাজিৰঙাত নাই হোম ষ্টে’ বা টুৰিষ্ট হোটেলৰ ব্যৱস্থা ৷
ভাৰতৰ কেৰেলা, চিকিম, হিমাচল, অৰুণাচলৰ দৰে ৰাজ্যত হোম ষ্টে’ত গুৰুত্ব দি যিদৰে আগবাঢ়ি গৈছে আমাৰ অসম তথা কাজিৰঙাৰ লগতে আন পৰ্যটন ক্ষেত্ৰ সমূহত হোম ষ্টে’ৰ ধাৰণা কিয় নাই ? আছে যদিও সেই সমূহ হোম ষ্টে’ বুলিব নোৱাৰি, ল’জ বুলিহে ক’ব পাৰি ৷ ইউৰোপৰ দেশসমূহ, অষ্ট্ৰেলিয়া, থাইলেণ্ড, মালয়েচিয়া, ছিংগাপুৰ, ইণ্ডোনেচিয়াৰ বালি, ভাৰতৰ গোৱা, আন্দামান, হিমাচল আদিত সু-সংগঠিত টুৰিষ্ট হোষ্টেলৰ ব্যৱস্থা আছে যিবোৰ স্থানীয় লোকৰ অধীনত ৷ য’ত থাকি পৰ্যটকে অতি কম খৰছত “বাজেট ট্যুৰ” কৰিব পাৰে ৷ কাজিৰঙাত হোষ্টেলৰ ধাৰণা নাই আৰু এতিয়ালৈকে সু-সংগঠিত হোম ষ্টে’ পোৱা টান ৷ ইয়াৰ বাবে স্থানীয় লোকসকলক দোষাৰোপ কৰিব নোৱাৰি ৷ দেখিলেহে জানিব বা কৰিবলৈ সুবিধা পাব ৷ এইক্ষেত্ৰত চৰকাৰে স্থানীয় লোকক বাহিৰলৈ নি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

অসমৰ চুবুৰীয়া মেঘালয় আৰু চিকিমত পৰ্যটনৰ আন্তঃগাঁথনি ইমান সুন্দৰ ভাৱে সু-সংগঠিত, একাদিক্ৰমে সকলোবোৰ পৰ্যটনথলী দৰ্শনৰ ব্যৱস্থা, পৰিস্কাৰ বিজাণুহীন শৌচ-প্ৰস্বাৱৰ ব্যৱস্থা সকলোবোৰ পৰ্যটন থলীতে ৷ ঠায়ে ঠায়ে ইনফৰমেশ্বন চেন্টাৰ বা টুৰিষ্ট হেল্প ডেস্ক যাৰ বাবে ঠগ-প্ৰৱঞ্চকৰ বলি হোৱাৰ কথাই নাহে ৷ অতি লাজৰ বিষয় কাজিৰঙাৰ প্ৰধান ঠাই সমূহতে নাই শৌচ-প্ৰশ্বাৱৰ সুব্যৱস্থা ৷ নাই এটা উপযুক্ত ডাম্পিং গ্ৰাউণ্ড ৷ সকলো ফালে জাৱৰ-প্লাষ্টিক ৷ পৰ্যটন বিভাগৰ নাই কোনো হেল্প ডেস্ক বা ইনফ’ৰমেশ্বন চেন্টাৰ যাৰ বাবে হাতী ছাফাৰি বা জীপ ছাফাৰিৰ ক্ষেত্ৰত বহু পৰ্যটক প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হয় ৷

কাজিৰঙাত ছাফাৰি কৰাৰ পাছত বিশেষ চাবলগীয়া বা কৰিবলগীয়া বিশেষ একো নাই কিন্ত কাজিৰঙাৰ গাতে লাগি থকা বহু স্থান আছে, যেনে- কাৰ্বি পাহাৰ, জলপ্ৰপাত, জান-জুৰি, গুহা, মঠ-মন্দিৰ ঐতিহাসিক সামগ্ৰী সমূহক চৰকাৰে গুৰুত্ব প্ৰদান কৰা দৰকাৰ ৷
এই উদ্যোগে ভাৰতৰ প্ৰায় চাৰিলাখ লোকক সংস্থাপন দিছে ৷ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অসমৰ এক শতাংশও অসমৰ পৰ্যটন উদ্যোগত হোৱা নাই ৷ যিটো উদ্যোগে নিবনুৱাৰ জীৱিকাৰ পথ দিব পাৰে সেই উদ্যোগক অগ্ৰাধিকাৰ দি পৰ্যাপ্ত ধন বিনিয়োগ কৰাটো প্ৰয়োজন ৷ আশা কৰো সংশ্লিষ্ট বিভাগে বিষয়টোত গুৰুত্ব দিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *