কাজিৰঙাৰ বান্দৰডুবি পৰ্যটকৰ বাবে মুকলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ নৱেম্বৰ: কাজিৰঙাত ফ্লাড টুৰিজিমৰ চিন্তা-চৰ্চা চৰকাৰৰ ৷পৰ্যটন থলীলৈ ৰূপান্তৰিত হ’ল ২০১৬ চনত প্ৰশাসনে উচ্ছেদ কৰা কাজিৰঙাৰ বান্দৰডুবি অঞ্চল ৷চলিত বৰ্ষৰ মে মাহত কলিয়াবৰ মহকুমা প্ৰশাসনে উচ্ছেদিত বান্দৰডুবি অঞ্চল বনবিভাগক অৰ্পণ কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন অঞ্চলটো টুৰিষ্ট স্পট হিচাবে গঢ় দিয়ে ৷দেওবাৰে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ফিটা কাটি অঞ্চলটো আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ৷উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ জনশূন্য এলেকাটোত ইতিমধ্যে বন্যপ্ৰাণীৰ বিচৰণ আৰম্ভ হৈছে ৷বান্দৰডুবি পৰ্যটন ক্ষেত্ৰই এলেকাটোৰ দাঁতি কাষৰীয়া ৰাইজৰ আৰ্থিক দিশত যথেষ্ট উপকৃত কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ ১২ মাহে চলাই ৰাখিব পৰাকৈ চৰকাৰে ফ্লাড টুৰিজিমৰ কথাও চিন্তা- চৰ্চা কৰি আছে ।আনহাতে ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল যদিও প্ৰতিকুল অৱস্থাৰ বাবে মুকলি কৰিবলৈ সক্ষম নোহোৱা বুঢ়াপাহাৰ বনাঞ্চল কালি মন্ত্ৰী মহন্তই মুকলি কৰে ৷একেদিনাই চিৰাং পাহাৰৰ হিল ট্ৰেকিঙৰো শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *