কাজিৰঙাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত বন্তি প্ৰজ্বলন 

নিউজ ডেস্ক, কাজিৰঙা লাইভ ,২৪ নবেম্বৰ  : ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত কাজিৰঙাৰ কেন্দ্ৰ স্থান কহঁৰা চাৰিআলিত আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয় । কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা আৰু কহঁৰা বজাৰ সমিতিৰ উদ্যোগত আজি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত কহঁৰা চাৰিআলিত অনুষ্ঠিত হোৱা কাৰ্যসূচীত কাজিৰঙাৰ অবসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তথা কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট চচাইটিৰ সভাপতি তৰুণ গগৈ , সাহিত্যিক অবসৰপ্ৰাপ্ত বন বিষয়া তৰুণ ৰাজখোৱা, ধীৰেণ ফুকন, কহঁৰা বজাৰ সমিতিৰ হৈ প্ৰদীপ ঘোষ, বিক্ৰম গোস্বামী  আদিয়ে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰে । কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথে আত ধৰা অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ শান্তি কামনা আজি মৌন প্ৰাৰ্থনা কৰা হয় । কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট চচাইটিৰ সভাপতি তৰুণ গগৈ , সাহিত্যিক তৰুণ ৰাজখোৱাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুৰণি কথা স্মৰণ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।  ইফালে আজি কহঁৰা আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক নীৰেণ ফুকন, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মা, অবসৰপ্ৰাপ্ত বন বিষয়া দিলীপ দাস, কহঁৰা বজাৰ সমিতিৰ সম্পাদক বাসুদেৱ উপাধ্যায় আদিয়ে কাজিৰঙাৰ কেন্দ্ৰ স্থান কহঁৰা চাৰিআলিত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ শান্তি কামনা কৰি  শতাধিক বন্তি প্ৰজ্বলন কৰে । অন্যহাতে আজিৰ কাৰ্যসূচীত কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট চচাইটি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভা, কহঁৰা বাৰোৱাৰী শ্মশান পৰিচালনা সমিতি, কহঁৰা  বাৰোৱাৰী দূৰ্গা পূজা সমিতি, কাজিৰঙা চিত্ৰ কলা বিদ্যালয় ,কহঁৰা আৰক্ষী চকীৰ বিষয়া – কৰ্মী আদিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আত্মাৰ শান্তি কামনা কৰি প্ৰাৰ্থনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *