স্বাধীনতা যুঁজাৰু ডুম্বি কামান সোঁৱৰণী সাংবাদিক বঁটা কাজিৰঙা লাইভ ৰ মুখ্য সম্পাদক ভবানন্দ কলিতালৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ নবেম্বৰঃ বোকাখাত মহকুমাৰ কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাই চতুর্থ বৰ্ষৰ বাবে ঘোষণা কৰিছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন জনে দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে আগবঢ়োৱা বঁটাসমূহ ৷স্বাধীনতা সংগ্রামৰ এগৰাকী অগ্ৰণী যোদ্ধা ডুম্বি কামান সোঁৱৰণী সন্মানীয় বঁটা চলিত বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে বোকাখাতৰ এগৰাকী জেষ্ঠ সাংবাদিক ভবানন্দ কলিতালৈ। আজি অনুষ্ঠিত কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাৰ বিশেষ সভাত সন্থাই এই সিদ্ধান্ত গ্রহণ কৰে । ১৯৯০চনৰ পৰা দৃষ্টিকোণ, সাদিনীয়া সংবাদ, নৰ্থ ইষ্ট টাইমচ্ , নতুন দৈনিক, অসমীয়া প্ৰতিদিন, আজিৰ সংবাদ, সূচনা, পূৰ্বাঞ্চল বাতৰি, অগ্ৰদূত আদি একাধিক কাকতৰ সাংবাদিক হিচাপে নিৰন্তৰভাৱে সেৱা আগবঢ়াই আহিছিল ভবানন্দ কলিতাই । বৰ্তমান সময়ত দৈনিক অগ্ৰদূত কাকতৰ বোকাখাতৰ এগৰাকী সংবাদদাতা হিচাপে সেৱা আগবঢ়াই থকা ভবানন্দ কলিতাই সমান্তৰালভাৱে কাজিৰঙা লাইভ ২৪/৭ নামৰ এটা ৱেব চেনেলৰ মুখ্য সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ উপৰিও অসম টুডে নামৰ আন এটা ৱেব চেনেলৰো বোকাখাতৰ পৰা এগৰাকী সংবাদকৰ্মী হিচাবে সংবাদ সেৱা আগবঢ়াই আহিছে। বৰ্তমান বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি পদত অধিস্থিত ভবানন্দ কলিতাই আপকু গোলাঘাট জিলা সমিতিৰো উপদেষ্টা পদ অলংকৃত কৰি আছে৷ বিভিন্ন কাকত আলোচনী আদিত প্ৰবন্ধ লেখা কলিতা পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আৰু গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি। কেবাখনো গ্ৰন্থৰ ৰচক কলিতা বোকাখাতৰ প্ৰয়াত শিক্ষক বগাই কলিতাৰ পুত্র।

Leave a Reply

Your email address will not be published. Required fields are marked *