বোকাখাত নিৰ্বাচনী বিভাগৰ উদ্যোগত বিভিন্ন এলেকাত SVEEP ৰ অধীনত সজাগতা সভা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ নবেম্বৰ : আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে বোকাখাত নিৰ্বাচনী বিভাগৰ উদ্যোগত আজি বোকাখাত চাহ বাগিচাত SVEEP ৰ অধীনত সজাগতা সভা অনুষ্ঠিত কৰা হয়। যুৱ ভোটাৰৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ ভোটাৰৰ উপস্থিতিত আয়োজিত এই সজাগতা সভাত nvsp.in ৱেবচাইটৰ জৰিয়তে অনলাইন ভোটাৰ তালিকাত কিদৰে নাম সন্নিবিষ্ট কৰিব পাৰি লগতে উক্ত ৱেবচাইটৰ জৰিয়তে ভোটাসকলে কেনেদৰে নিজৰ নাম শুধৰনি কৰাৰ উপৰিও নাম তথা ঠিকনা সলনি কৰিব পৰে সেই বিষয়ে বিশদ ভাবে বুজাই দিয়া হয়। ইয়াৰ উপৰিও উক্ত সজাগতা সভাত উপস্থিত ৰাইজক প-প্ৰত্ৰ নং ৬,৭,৮ আৰু ৮A অনলাইন যোগে প্ৰদৰ্শন কৰা হয়। আনহাতে ২৮ আৰু ২৯ নবেম্বৰ তাৰিখে বোকাখাতৰ নিৰ্বাচনী বিভাগৰ দ্বাৰা নিয়োজিত বি.এল.অ সকলে নিজ নিজ এলেকাৰ ভোটগ্ৰহণ কেন্দ্রত ৰাইজক প-প্ৰত্ৰ নং ৬ ত নাম অন্তৰ্ভুক্ত কৰাত সহায় কৰিব বুলি নিৰ্বাচনী বিভাগে জানিবলৈ দিয়ে। সজাগতা সভাত উপস্থিত ৰাইজৰ সৈতে ভোটাৰ তালিকা সন্দৰ্ভত মতবিনিময় বোকাখাতৰ নিৰ্বাচনী বিষয়া নীতিশা বৰাই। বিষয়াগৰাকীয়ে ৰাইজক নিজ নিজ ভোটাধিকাৰৰ ক্ষেত্রত সজাগ আৰু সচেতন হবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *