কাজিৰঙা নিউজ নেটৱৰ্কৰ “কাজিৰঙা বঁটা ২০১৯-২০২০” ঘোষণাঃ

কাজিৰঙা লাইভ,বোকাখাত, ৩০ নৱেম্বৰ: বােকাখাতৰ এচাম নবীন-প্রবীন সাংবাদিকৰ দ্বাৰা গঠিত সংবাদ প্রতিষ্ঠান কাজিৰঙ নিউজ নেটৱর্কে জন্ম লগ্নৰে পৰা কাজিৰঙা বঁটা প্ৰদান কৰি আহিছে। ব্যক্তিক বৃত্তিগতভাৱে প্রতিষ্ঠা লাভ কৰা এখন প্লেটফৰ্ম প্রদান কৰাৰ উদ্দেশ্য আগত ৰাখি প্রতিষ্ঠা হােবা অনুষ্ঠানটোৱে বিগত সময়ত কাজিৰঙা বঁটাৰ উপৰিও সাংবাদিকৰ কর্মশালা, শিশুনাট কর্মশালা, উত্তৰ পূর্বাঞ্চল ভিত্তিত সৌন্দর্য প্রতিযােগিতা, গ্রন্থ প্রকাশ, অসম ভিত্তিত ছুটি ছবি প্রতিযােগিতা, ভ্রাম্যমান মুখপত্র প্রতিযােগিতা আদি অনুষ্ঠিত কৰি আহিছে। কিন্তু ২০১৯-২০ বর্ষত কৰ’না মহামাৰীৰ বাবে বিশেষ কার্যসূচী হাতত ল’ব পৰা নাছিল। একেদৰে কাজিৰঙা বঁটা সমূহ প্রদান কৰিব পৰা নগ’ল। তাৰ মাজতাে কাজিৰঙা নিউজ নেটৱর্কৰ দ্বাৰা পৰিচালিত বেব পর্টেল ‘কে এন এন বােকাখাত লাইভ’-এ বােকাখাত মহকুমা ভিত্তিত অনলাইন কিটচেন গার্ডেন প্রতিযােগিতা, ৰাভা সংগীত প্রতিযােগিতা আয়ােজন কৰে। দুয়ােটা বর্ষৰ বটা লাভ কৰা ব্যক্তিসকল হ’লঃ বাণেশ্বৰ মহন্ত সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা লাভ কৰিছে ২০১৯ সাৰংগ তামুলী (প্রতিদিন টাইম, খুমটাই), ২০২০ প্রীয়ংদ্বীপ কাকতি (অসমীয়া খবৰ, মৰঙি), অসম ভিত্তিত ধনিল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নবীন সাংস্কৃতিক কর্মী বঁটা লাভ কৰিছে ২০১৯ মৃধুস্মিতা টুইংকল (অভিনেত্রী, নৃত্য শিল্পী, গুৱাহাটী), ২০২০ প্রবীণ দলে (মিচিং লােক শিল্পী, ধেমাজী), সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত সাহিত্য বঁটা (৪০ বছৰ অনুর্ধ) ২০১৯ পার্থৱ শইকীয়া (মৰঙি), ২০২০ প্লাবিতা বাঢ়ৈ (ধােদাং), মহেন্দ্র নাথ শইকীয়া সোঁৱৰণি গােলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা (উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী) লাভ কৰিছে ২০১৯ মণিকা বৰা, নৱম স্থান, (ফৰকাটিং কলেজ), ২০২০ অন্বেষা কাশ্যপ, দ্বিতীয় স্থান, (গােলাঘাট জাতীয় মহাবিদ্যালয়), ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি গােলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা (হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী) লাভ কৰিছে ২০১৯ উপাসনা মুদৈ, পঞ্চম স্থান (গােলাঘাট জাতীয় বিদ্যালয়) আৰু ২০২০ হৰিদ্ৰা বৰা, ষষ্ঠ স্থান (চিক্রেট হার্ট হাইস্কুল, গােলাঘাট)। অহা ১৬ ডিচেম্বৰ ২০২০ তাৰিখে অষ্টাদশ বার্ষিক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা বঁটা- ২০১৯-২০” বােকাখাতৰ টেচক’ ৰিজৰ্টত প্রদান কৰিব। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ, ‘কে এন এন বােকাখাত লাইভ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে কাজিৰঙা বঁটা ২০১৯-২০ প্রদান কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোগতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *