সাতামপুৰুষীয়া এনাজৰীক সুদৃঢ় কৰাৰ লক্ষ্যৰে বোকাখাতত অনুষ্ঠিত কৰা হয় চ্যুকাফা দিৱস (অসম দিৱস)

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ ডিচেম্বৰ : আজি সদৌ তাই আহোম ছাত্ৰ সন্থা,বোকাখাত মহকুমা সমিতি , বোকাখাত তাই আহোম বিকাশ সমিতিৰ উদ্যোগত আৰু বোকাখাত বাসী ৰাইজৰ সহযোগত বোকাখাত নাট্যমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় চ্যুকাফা দিৱস(অসম দিৱস)৷ সাত ৰাজ মাৰি এক ৰাজ কৰি অসম গঢ়োঁতা আহোমৰ প্ৰপিতামহ জনাক সুঁৱৰি আজি অনুষ্ঠিত কৰা এই অনুষ্ঠানটিত বিৰাজ গগৈয়ে পতাকা উত্তোলন, দীননাথ দুৱৰাই স্মৃতি তৰ্পণ কৰাৰ লগতে বৃক্ষৰোপণ কৰে জীতেন গগৈ আৰু গিৰিশ ফুকনে ৷ ইয়াৰ পাছতেই সুৰেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কল্পনা চেতিয়াই নিজৰ বক্তব্যত মহান স্বৰ্গদেউ জনাৰ বিশাল কৰ্মৰাজীৰ লগতে তেখেতৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰে ৷ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা জিতেন গগৈ,পলিমা বি চেতিয়া,লাচিত কাকতি, জিতু বৰুৱা আৰু ভাস্কৰ কালিন্দীয়ে বৰ অসমৰ ভেঁটি গঢ়োতা,স্বৰ্গদেউ চাওলুং চ্যুকাফাদেৱক আজি “চ্যুকাফা দিৱস” উপলক্ষে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ সমান্তৰালভাৱে
বৰাক – ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি- জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ মাজেৰে স্বৰ্গদেউজনাই গঢ়ি যোৱা ভাতৃত্ববোধৰ অনুপম নিদৰ্শনক সন্মান জনাই নিজৰ নিজৰ বক্তব্য ৰখাৰ লগতে সাতামপুৰুষীয়া এই এনাজৰীক অধিক সুদৃঢ় কৰি অসমক প্ৰগতিশীল কৰি তুলিবলৈ সমূহ ৰাইজ তথা অসমবাসীক আহ্বান জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *