তথাকথিত ৰাজনীতিৰ বিৰুদ্ধে এক সুস্থ সমাজ গঢ়াৰ আহ্বান দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ ডিচেম্বৰঃ ঐতিহ্যমণ্ডিত অসমৰ সত্ৰনগৰী মাজুলীৰ অন্যতম গৰিমামণ্ডিত দক্ষিণপাট সত্ৰ। সত্ৰখনলৈ প্ৰতিবছৰে অসমৰ বহু প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ লগতে আহে অসমৰ সত্ৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱা বহু দেশী বিদেশী পৰ্যটক। ১৬০০ শতিকাতে প্ৰতিষ্ঠিত সত্ৰখনৰ গৌৰৱ আজিকোপতি অটুট আছে। কিন্তু আধুনিক সমাজ ব্যৱস্থাৰ জটিলতাৰ পৰা দূৰৈত থাকি এতিয়াও নিৰহ নিপানী আধ্যাত্মিক, সাত্বিক জীৱন যাপন কৰা সত্ৰবাসীলৈ সম্প্ৰতি আধুনিকতাৰ ধামখুমিয়াই কঢ়িয়াই আনিছে ভাবুকি। সাম্প্ৰতিক ৰাজনৈতিক জটিলতাৰ গ্ৰাসত এতিয়া সত্ৰসমূহো। আজি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে মাজুলীত উপস্থিত হোৱা কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সমূহ সদস্যৰ আগত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে তথাকথিত ৰাজনীতিৰ বিৰুদ্ধে এক সুস্থ সমাজ গঢ়াৰ আহ্বান কৰি কয় যে ধৰ্ম আৰু আধ্যাত্মিক জ্ঞান একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আধ্যাত্মিক চিন্তা চৰ্চাৰেহে সমাজত যুৱ শৃংখলতা অটুট ৰাখিব পাৰি। উল্লেখ্য যে কাজিৰঙৰ আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ আৰু সম্পাদক ৰঞ্জিত ৰজকৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে আজি কাজিৰঙাৰ কুৰিগৰাকী সাংবাদিক উপস্থিত হয় সত্ৰনগৰী মাজুলীত৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যৰ লগতে জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা, ধ্ৰুৱজ্যোতি সাহা,পলিমা চেতিয়া বসুমতাৰী,বিতুপন বৰা,মনোজ প্ৰতিম শইকীয়া,অলক জ্যোতি শইকীয়া, ৰাজেশ বেলৱাৰ,কিষণ চেত্ৰী,ইমৰান আলী, চন্দন ধৰ ,হোমেন গগৈ ধৰি উপস্থিত হোৱা দলটোৱে ইতিহাস প্ৰসিদ্ধ সত্ৰ সমূহৰ সাম্প্ৰতিক দুৰবস্থা আৰু এইবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে মাজুলীৰ সত্ৰ সমূহৰ এক ক্ষেত্ৰ ভিত্তিত অধ্যয়ন কৰে। দলটোক বিশেষভাৱে সহযোগত কৰে নিউজ লাইভৰ মাজুলীৰ স্থানীয় সাংবাদিক ৰঞ্জন বৰাই। উল্লেখ্য যে ২৫০ বছৰ পুৰণি মাজুলীৰ প্ৰথমটো পকী ঘৰ বৰ্তমান এই সত্ৰত সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা হৈছে। এই সংগ্ৰহালয়ৰ ভিতৰত আহোম ৰজত্বৰ কালৰ অমূল্য সম্পদ সমূহ সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰহালয়ৰ ভিতৰত আছে ৩৬৭ বছৰ একেৰাহে জ্বলি থকা এগচী অক্ষয় বন্তি। ৬ টা হাতী দাঁতেৰে নিৰ্মিত পাঁচ শ বছৰীয়া পবিত্ৰ আসনত প্ৰতিষ্ঠা কৰা হৈ আছে লক্ষ্মী নাৰায়ণৰ মূৰ্তি, প্ৰতিটো হাতী দাঁতৰ ওজন ৩৫ কিলোগ্ৰাম আৰু দৈৰ্ঘ্য ৫.৫ ফুট। আৰু আছে প্ৰায় পাঁচ শ বছৰ পুৰণি সোণ ৰূপেৰে নিৰ্মিত শৰাই সঁফুৰাৰ লগতে অসমীয়া শিপিনীৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ, খৰম, দুষ্প্ৰাপ্য পুঠি পাঁজি, আহোম ৰজাই ভোজনৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন বাচন বৰ্তন, ঢাল-তৰোৱাল, অন্যান্য অস্ত্ৰ সস্ত্ৰ। বিগত শ শ বছৰ এই সংগ্ৰহালয়ত বহু প্ৰাচীন দুষ্প্ৰাপ্য দ্ৰব্য এনেদৰে অসুৰক্ষিতভাৱে পৰি থকা কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সাংবাদিকৰ দলটোৱে প্ৰত্যক্ষ কৰে এই এই সমূহৰ উচিত সংৰক্ষণৰ বাবে চৰকাৰক জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *