ক’ভিডত আক্ৰান্ত হৈ মৃত্যু শিক্ষক-সাহিত্যক সুৰেন্দ্ৰ নাথ দাসৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ ডিচেম্বৰঃ ক’ভিডত আক্ৰান্ত হৈ আজি নিয়তিৰ ওচৰত হাৰ মানিলে শংকৰদেৱ শিশু বিদ্যা নিকেতন, ৰজাবাৰীৰ প্ৰতিষ্ঠাপক প্ৰধান আচাৰ্য, সাহিত্যসেৱী সুৰেন্দ্ৰ নাথ দাসে(৭২)৷ গুৱাহাটীস্থিত কালাপাহাৰৰ ক’ভিড হাস্পতালত চিকিৎসাধীন অৱস্থাতে বোকাখাতৰ সামাজিক ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিগৰাকীয়ে মৃত্যুক আকোঁৱালি লয়৷ উল্লেখ্য যে ১৯৪৮ চনৰ ছেপ্টেম্বৰ মাহত নাককাটি ভকতচাপৰি অঞ্চলৰ এটি আদৰ্শ পৰিয়ালত জন্ম গ্ৰহণ কৰা দাসে পিতৃৰ অকাল বিয়োগৰ পাছৰ পঢ়াৰ সমান্তৰালভাৱে ব্যৱসায় বাণিজ্যৰে এক কষ্টকৰ জীৱন অতিবাহিত কৰিছিল। পৰৱৰ্তী সময়ত ৰজাবাৰী অঞ্চলৰ প্ৰথমগৰাকী ব্যৱসায়ী হিচাপে বিশেষ নাম থকা সুৰেন্দ্ৰ নাথ দাসে ১৯৯৭ চনত শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰজাবাৰীৰ প্ৰতিষ্ঠাৰ লগত জড়িত হৈ সেই নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰধানাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি শ শ ছাত্ৰ ছাত্ৰীক পোহৰৰ বাট দেখুৱাই নিয়াৰিকৈ দায়িত্ব সম্পাদন কৰি ২০১৫ চনত অৱসৰ গ্ৰহণ কৰা দাস বোকাখাত শংকৰদেৱ শিশু নিকেতনৰো প্ৰতিষ্ঠাপক আছিল। ৰজাবাৰী তথা বোকাখাত অঞ্চলৰ কেবাটাও অনুষ্ঠানৰ প্ৰতিষ্ঠাপক অংশীদাৰ সুৰেন্দ্ৰ নাথ দাসে শেহতীয়াকৈ আশীটা গীত, কবিতাৰ একত্ৰ সংকলন “সুৰধ্বনি” প্ৰকাশ কৰি সাহিত্য জগততো নিজৰ স্থান ৰাখি থৈ গৈছে। অংকুৰণ সাহিত্য সভাৰ উপ সভাপতি তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য দাসৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বোকাখাতৰ বিভিন্ন ৰাইজ, শংকৰদেৱ শিশু নিকেতন, ৰজাবাৰী পৰিয়াল তথা তেখেতৰ গুণমুগ্ধ সকল শোকত ভাগি পৰে। সৰলতাৰে বহুতৰে লগত সু-সম্পৰ্ক ৰক্ষা কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দায়িত্বত থকা দাসৰ নিথৰ দেহ কভিড প্ৰট’কল অনুসৰি গুৱাহাটীৰ উলুবাৰী অঞ্চলতে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে যদিও তেখেতৰ ঘৰত স্থানীয় ৰাইজে তেখেতৰ সুদৃশ্য প্ৰতিকৃতি স্থাপন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰজাবাৰীৰ বয়োজ্যেষ্ঠ ব্যক্তি লক্ষীকান্ত দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰজাবাৰী ব্যৱসায়ী সন্থা, শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী, অসম ৰাজ্যিক সাংবাদিক সন্থা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা বোকাখাত, কে.এন.এন বোকাখাত লাইভ, কাজিৰঙা নিউজ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, ৰজাবাৰী গোৰ্খা কল্যাণ সমিতি, অসম জাতীয় পৰিষদ, অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতি, মিলন প্ৰাথমিক সমাজ, ৰজাবাৰী, অংকুৰণ সাহিত্য সভা, পৰিত্ৰাণ কেঞ্চাৰ হাস্পতাল, নুমলীগড় জুনিয়ৰ কলেজ, তেজীমলা মহিলা সমিতি, খতিয়াখলি লেখিকা সমাৰোহ সমিতি, চাহ জনগোষ্ঠী সাংস্কৃতিক বিকাশ কেন্দ্ৰ, বোকাখাত কৰ্মচাৰী পৰিষদ, ৰজাবাৰী নাট্যগোষ্ঠী, শংকৰদেৱ শিশু নিকেতন, ৰজাবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতী, বি.জে.পি ৰজাবাৰীৰ পঞ্চায়ত সমিতি, জীপাল কৃষক শ্ৰমিক সংঘ, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত, বি.জে.পি মহিলা মৰ্চা,ৰজাবাৰী প্ৰাথমিক বিদ্যালয়, মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীকে ধৰি শতাধিক ধৰ্মীয়, শিক্ষানুষ্ঠান, ব্যক্তি বিশেষে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই বিশিষ্ট সমাজ কৰ্মী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইফালে ৰজাবাৰীৰ ব্যৱসায়ী সন্থাই ৪ বজাৰ পৰা ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখে। মৃত্যুৰ সময়ত তেখেতে জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তথা পত্নী হেমকুমাৰী দাস, দুই পুত্ৰ, দুই পুত্ৰ বধু, এগৰাকী কন্যা, নাতি-নাতিনী আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *