কমাৰগাঁও প্ৰেছ ক্লাৱৰ বঁটা প্ৰদান অনুষ্ঠান: কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকলৈ ইলেকট্ৰনিক মডিয়া গৰিমা বঁটা

পৱন কামান, কাজিৰঙা লাইভ, ৫ ডিচেম্বৰ : গোলাঘাট জিলাৰ কমাৰগাঁও প্ৰেছ ক্লাৱে দ্বি-বাৰ্ষিক সাংবাদিক বঁটা- ২০২০ ঘোষণা কৰিছে। ক্লাৱৰ সম্পাদক ৰিন্টু দুৱৰাই জনোৱা অনুসৰি ছেটেলাইট চেনেল নিউজ লাইভ আৰু “নিয়মীয়া বার্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক, কণ্ঠ শিল্পী, সমাজকর্মী-মানৱদৰদী কাজিৰঙাৰ ৰঞ্জিত ৰজকক ” সাংবাদিক সাগৰ বৰা সোঁৱৰণি ইলেকট্ৰনিক মডিয়া গৰিমা বঁটা ২০২০”, প্ৰবীণ সাংবাদিক বোকাখাতৰ ভৱেশ শইকীয়াক ” সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা শতবৰ্ষীয় গৌৰৱ বঁটা ২০২০”, সাংবাদিক পেঞ্চনাৰ ফৰকাটিঙৰ দুগ্ধ দত্তক ” সাংবাদিক সুৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণি গৰীয়সী বঁটা ২০২০”, বিশিষ্ট সাংবাদিক কমাৰগাঁৱৰ ৰীণা কটকীক “সাংবাদিক প্ৰতাপ হাজৰিকা সোঁৱৰণি মফচলীয়া সংবাদ সেৱা গৰিমা বঁটা ২০২০” ৰ কাৰণে নিৰ্বাচিত কৰিছে। উক্ত বঁটাসমূহ প্ৰদান কৰিবলৈ কালিলৈ কমাৰগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰাৰ পাছত কমাৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি চন্দ্ৰকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’ব সভাখন উদ্বোধন কৰিব বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে। সভাৰ নিৰ্দিষ্ট বক্তা আৰু গ্ৰন্থ উন্মোচন কৰিব প্ৰবীণ সাংবাদিক বাবুল দত্তই। সভাত পাব্লিক প্ৰেছৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰাপক কমাৰগাঁৱৰ সাগৰজ্যোতি হাজৰিকাক সম্বৰ্ধনা জনোৱা উপৰি কমাৰগাঁও অঞ্চলৰ পাঁচ গৰাকী বাতৰি কাকত বিক্রেতাক সম্বৰ্ধনা জনাব বুলিও জনাইছে ক্লাৱৰ সম্পাদক গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *