কাজিৰঙা অঞ্চলিক সাংবাদিক সংস্থাৰ বাৰ্ষিক  অধিবেশন সম্পন্ন 

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ ডিচেম্বৰ  : কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বাৰ্ষিক অধিবেশন ইতিমধ্যে দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে মাজুলীত সম্পন্ন হয় । যোৱা ৩ ডিচেম্বৰত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ ২২ জনীয়া এটা সাংবাদিকৰ  দল মাজুলীত উপস্থিত হয় । উক্ত দিনা মাজুলীৰ জেংৰাইমুখত অৱস্থিত ৱাইগড্ৰাচিল বেমবু কটেজত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথৰ সভাপতিত্বত এক সাধাৰণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতেই জ্ঞাত তথা অজ্ঞাত মৃত সাংবাদিকসকলৰ আত্মাৰ শান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয় । ভাৰপ্ৰাপ্ত  সম্পাদক ৰঞ্জিত ৰজকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত সম্পাদক ধ্ৰুৱজ্যোতি সাহাই কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত বিগত বৰ্ষত কৰা কামৰ বৰ্ণনা কৰাৰ লগতে থুলমুল হিচাপ দাখিল কৰে । কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বাৰ্ষিক অধিবেশনত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদিকা পলিমা চেতিয়া বসুমতাৰী, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য, ইমৰাণ আলী, মনোজ প্ৰতিম শইকীয়া,অলক জ্যোতি শইকীয়া,ৰাজেশ বেলোৱাৰ,কিষণ চেত্ৰী,প্ৰিয়ম জ্যোতি শইকীয়া আদিয়ে বক্তব্য আগবঢ়াই। ইয়াৰ পাছতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পুৰণি সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয়। নীলপদ্ম শৰ্মাক সভাপতি, ধ্ৰুৱজ্যোতি সাহাক কাৰ্যকৰী সভাপতি, উপ সভাপতি পবন গোস্বামী আৰু দেবাশিস বৰুৱা, সম্পাদক ৰঞ্জিত ৰজক, সহকাৰী সম্পাদক মনোজ প্ৰতিম শইকীয়া, চিদানন্দ ধৰ , সাংগঠনিক সম্পাদক বিতোপন বৰা আদিক লৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ নতুন সমিতি গঠন কৰা হয় । ইফালে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ কৰ্মী আৰু  মাজুলীৰ সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন হয় । মাজুলীৰ জেষ্ঠ সাংবাদিক জীৱন বৰুৱাৰ নেতৃত্বত সাংবাদিকৰ দলটোৱে কাজিৰঙা আৰু মাজুলীৰ সম্পৰ্ক তথা মাজুলীৰ বিভিন্ন সমস্যা উত্থাপন কৰে । অন্যহাতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ অধিবেশন মাজুলীত অনুষ্ঠিত কৰাত সহযোগ আগবঢ়োৱাৰ বাবে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষ ,   বোকাখাত মহকুমা প্ৰশাসন আৰু যোৰহাটৰ  আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিষয়া- কৰ্মীক সংস্থাই ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ অধিবেশনৰ লগত সংগতি ৰাখি সংস্থাৰ কৰ্মীয়ে মাজুলীত এক ক্ষেত্ৰ অধ্যয়নো কৰে । কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ দলটোৱে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন সময়ত ব্ৰক্ষপুত্ৰৰৰ চৰ –  চাপৰিয়েদি গঁড়, বাঘ,হাতী, পহুকে আদি কৰি বন্যপ্ৰাণীয়ে মাজুলীলৈকে বিচৰণ কৰা পথ , সুৰক্ষা ব্যৱস্থা  , বিচৰণ কৰাৰ কাৰণ আদি সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন কৰাৰ উপৰি স্থানীয় ৰাইজ তথা মাজুলীৰ বন সংমন্ডল বিষয়া সুশীল তালুকদাৰৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয়  । অন্যহাতে সাংবাদিকৰ দলটোৱে মাজুলীত অৱস্থিত দক্ষিণপাট সত্ৰ, কমলাবাৰী সত্ৰকে আদি কৰি বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰি বৰ্তমান সত্ৰসমূহৰ পৰিস্থিতি ,অভাৱ, সুৰক্ষা ,আৰ্থিক অৱস্থা আদি সম্পৰ্কে আলোচনাত মিলিত হয় । মাজুলীৰ বেচিভাগ সত্ৰ চৰকাৰী অনুদান অবিহনে পৰিচালনা কৰাটো সমস্যা হৈ পৰিছে বুলি সত্ৰাধিকাৰে মত প্ৰকাশ কৰে । কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিশেষকৈ গঁড় মাজুলীত উপস্থিত হোৱাৰ কথাটো গুৰুত্বসহকাৰে লৈ নিৰাপত্তা উন্নত কৰা , গঁড় বিচৰণ কৰা স্থানবোৰত ৰাইজক সজাগ কৰি সচেতনতা বৃদ্ধি কৰাৰ চেষ্টা কৰা, মাজুলী বন সংমণ্ডলক অত্যাধিক বনকৰ্মী নিযোগ কৰাৰ লগতে মাৰণাস্ত্ৰৰ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে । ইফালে মাজুলীত অৱস্থিত সত্ৰসমূহ সংৰক্ষণ, নিৰাপত্তা, উন্নয়ণ কৰাৰ বাবে চৰকাৰে গুৰুত্ব দিবলৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই আহ্বান জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *