কাজিৰঙাৰ হালধিবাৰীত বাঘৰ আতংক। কোনোমতে ৰক্ষা পৰে মাতৃ-কন্যা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ নৱেম্বৰ: দেওবাৰে সন্ধিয়া বাঘে গৰু নিধন কৰাৰ পাছতো বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগত স্থানীয় একাংশ লোকে সোমবাৰে দা-যাঠি লৈ বাঘ খেদিবলৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ চেষ্টা কৰে ৷ অৱশ্যে বন আৰু আৰক্ষী বিভাগৰ লোকে এই কাৰ্যত বাধা প্ৰদান কৰে ৷পাছত দণ্ডাধীশৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ উল্লেখ যে, দেওবাৰে নিশাৰেপৰ কাজিৰঙাৰ হালধিবাৰীত আৰম্ভ হয় ঢেকীয়াপতীয়াৰ আতংক ৷সন্ধিয়াতে ঘৰৰ চোতালত বাঘে নিধন কৰিলে গৰু। কথমপি ৰক্ষা পৰিল মাতৃ-কন্যা ৷ কাজিৰঙাৰ তৃতীয় সংযোজনৰ সদ্য উচ্ছেদিত হালধিবাৰীত দিন দুপৰতে বিচৰণ কৰা এটা ঢেকীয়াপতীয়া বাঘে দাঁতি কাষৰীয়া ৰাইজক কেইবাদিনো ধৰি আতংকিত কৰি আহিছে ৷বাঘৰ বিচৰণৰ কথা বহুবাৰ বন বিভাগক অৱগত কৰাৰ পাছতো বনবিভাগে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷এটা উচ্ছেদিত পৰিয়ালৰ ঘৰৰ চোতালত দেওবাৰে সন্ধিয়াতে বাঘে গৰু নিধন কৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ৰাইজৰ অভিযোগ যে বনবিভাগে স্থানীয় ৰাইজ তথা পশুধনৰ নিৰাপত্তাত অকণো গুৰুত্ব প্ৰদান কৰা নাই ৷ৰাইজৰ দাবী, বাঘে নিধন কৰা পশুধনৰ ক্ষতি পূৰণ বনবিভাগে শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় লোকৰ নিৰাপত্তাও সুনিশ্চিত কৰক ৷আনহাত গৰু নিধন কৰা বাঘৰ আক্ৰমণৰ পৰা ঘৰত থকা মাতৃ-কন্যা কোনোমতে ৰক্ষা পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *